দৈনিক ৰাতি শোৱাৰ সময়ত আণ্ডাৰৱে’ৰ বা অন্তৰ্বাস পিন্ধি শোৱাৰ অভ্যাস আছে নেকি? আপুনি ৰাতি অন্তৰ্বাস পিন্ধি শোৱাটো ভুল কৰিছে নে এই পদ্ধতি সঠিক বুলি ভাবে৷ বিশেষজ্ঞই দিয়া এই প্ৰশ্নৰ সঠিক উত্তৰ জানিলে হয়তো আপোনাৰো মত সলনি হ’ব৷ বহু মহিলা আছে, যিসকলে ৰাতি শোৱাৰ সময়ত অন্তৰ্বাস পিন্ধি শোৱাৰ অভ্যাস আছে৷ বহুতেই আকৌ অন্তৰ্বাস সলকায়ো টোপনি মাৰে৷ এতিয়া মূল কথাটো হ’ল অন্তৰ্বাস পিন্ধি শোৱা উচিত নে অনুচিত৷ ৰাতি শোৱাৰ সময়ত ব্ৰা পিন্ধি টোপনি মাৰিলে কি ক্ষতি হ’ব পাৰে এই বিষয়ে জনাইছে ব্ৰেষ্ট অনকো ছাৰ্জাৰীৰ এজন পৰামৰ্শদাতাই৷ বিশেষজ্ঞ জনে জানিবলৈ দিছে যে ৰাতি ব্ৰা পিন্ধি শুলে কোনোধৰণৰ সমস্যা নহয়৷ এই সংক্ৰান্তত কোনো গৱেষণাও পোহৰলৈ অহা নাই আৰু এইটোও প্ৰমাণিত হোৱা নাই যে ৰাতি ব্ৰা পিন্ধি শুলে কোনো সমস্যা হ’ব পাৰে৷ ৰাতি ব্ৰা পিন্ধি বা খুলি শোৱাৰ লগত স্তন কেঞ্চাৰ বা কোনো ৰোগ হোৱাৰ সম্ভাৱনা নাই৷ বৰঞ্চ বিশেষজ্ঞ ই পৰামৰ্শহে দিয়ে যে ৰাতি ব্ৰা পিন্ধিহে শোৱাৰ অভ্যাস কৰক৷ এই কাম কৰিলে আপুনি নিজৰ মাজত স্বাচ্ছন্দ্য বোধ কৰিব৷ অৱশ্যে ব্ৰা পিন্ধি ৰাতি শোৱাৰ সময়ত আৰামবোধ নকৰিলে বজাৰৰ পৰা আৰামদায়ক ব্ৰা কিনিব৷ অৱশ্যে বজাৰৰ পৰা অন্তৰ্বাস কিনাৰ সময়ত এটা কথা মনত ৰখা ভাল যে আৰামদায়ক হোৱা উচিত হয় বা শৰীৰত ফিট হয়৷