ৰাজ্যৰ সকলো অস্থায়ী কভিড কেয়াৰ চেণ্টাৰ বন্ধ ঘোষণা

0
1960

সৰ্বভাৰতীয় পৰ্যায়ৰ তুলনাত অসমত কৰ’না আক্ৰান্ত হৈ মৃত্যুমুখত পৰা ৰোগীৰ সংখ্যা যথেষ্ট কম৷ একে সময়তে আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যাও বেছি৷ কৰ’না আক্ৰান্ত ৰাজ্যৰ মুঠ ৰোগীৰ বৰ্তমান ৯৮ শতাংশই সুস্থ হৈ উঠিছে৷ চলিত মাহত নতুনকৈ আক্ৰান্তৰ সংখ্যা হ্ৰাস পোৱাত আৰু ৰাজ্যলৈ স্বাভাৱিক পৰিৱেশ ঘূৰি অহাত ৰাজ্য চৰকাৰে সকলো কভিড কেয়াৰ চেণ্টাৰ বন্ধ কৰিছে৷ গুৱাহাটীত সৰুসজাই ষ্টেডিয়াম, খানাপাৰা, নেহৰু ষ্টেডিয়াম, আই আই টিসহ বিভিন্ন শিক্ষানুষ্ঠানত স্থাপন কৰা কভিড কেয়াৰ চেণ্টাৰসমূহ ৰোগীৰ অভাৱত বন্ধ কৰি দিয়া হৈছে৷ মহানগৰীত থকা ১৩টা কভিড কেয়াৰ চেণ্টাৰৰ উপৰিও ৰাজ্যৰ অন্য প্ৰান্তত থকা সকলো অস্থায়ী কভিড কেয়াৰ চেণ্টাৰ এতিয়া অপ্ৰয়োজনীয় হৈ পৰিল৷ যিসংখ্যক সক্ৰিয় ৰোগী আছে, তেওঁলোকৰ বাবে চিকিৎসালয়সমূহত পৰ্যাপ্ত বিছনা, উপযুক্ত চিকিৎসা উপলব্ধ আছে৷ নৱেম্বৰৰ প্ৰথম সপ্তাহত অৰ্থাৎ ২ পৰা ৮ তাৰিখৰ ভিতৰত প্ৰতিদিনে ৩২১জন কৰ’না ৰোগী ধৰা পৰিছিল৷ পৰৱৰ্তী পৰ্যায়ত ৯ পৰা ১৫ নৱেম্বৰত প্ৰতিদিনে ২১১; ১৬ ৰ পৰা ২২ নৱেম্বৰৰ ভিতৰত দৈনিক ১৭৮ আৰু ২৩ নৱেম্বৰৰ পৰা ২৯ নৱেম্বৰলৈ দৈনিক আক্ৰান্ত ৰোগীৰ সংখ্যা হ’ল ১৫৮৷ ক্ৰমান্বয়ে ৰাজ্যত কৰ’না ৰোগী হ্ৰাস পাইছে৷ সৰ্বভাৰতীয় পৰ্যায়ত মৃত্যুৰ হাৰ ৯.৮ শতাংশ হোৱাৰ বিপৰীতে অসমত এই হাৰ হ’ল ০.৪৬ শতাংশ৷ ভাৰতত সুস্থ হোৱাৰ ৰোগীৰ হাৰ ৯৩.৭ শতাংশ হোৱাৰ বিপৰীতে অসমত এই হাৰ হ’ল ৯৮ শতাংশ৷ যোৱা ৩০ নৱেম্বৰত ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে, কৰ’নাৰ প্ৰকোপ হ্ৰাস পোৱাত ৰাইজৰ মাজত পৰীক্ষা কৰিবলৈ পূৰ্বৰ দৰে আগ্ৰহ নাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here