ৰাজ্যত কভিড পৰিস্থিতিয়ে পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰাৰ উপক্ৰম ঘটিছে৷ ৰাজ্যৰ প্ৰায়বোৰ জিলাতে সংক্ৰমণ হ্ৰাস পাইছে যদিও তিনিখন জিলাত লকডাউন দিবলগীয়া অৱস্থা হৈছে৷ আনহাতে ৰাজ্যত কভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনে অত্যন্ত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷ উল্লেখ্য যে ৰাজ্যত সামগ্ৰিকভাৱে কভিড সংক্ৰমণৰ হাৰ ২ শতাংশৰ তললৈ হ্ৰাস পাইছে যদিও কেইবাখনো জিলাত সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিয়ে আছে৷ ইতিমধ্যে ৰেড জ’নত থকা সাতখন জিলাৰ পৰিস্থিতি সঘনাই পৰ্যালোচনা কৰি থকা হৈছে৷ আনকি সাতখন জিলাৰ যোৰাহাট, মৰিগাঁও, গোলাঘাট এই তিনিখন জিলাতে দুদিনীয়াকৈ লকডাউন দিবলগীয়া হৈছে জিলা প্ৰশাসনে৷ তিনিওখন জিলাত আনকি আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে মাৰ্চ কৰিবলগীয়াও হৈছে৷ পূৰ্বৰে পৰা ৰেড জ’নত ৰাখি সৰ্বাত্মক সান্ধ্য আইন জাৰি কৰা দুই-এখন জিলাত সংক্ৰমণ কিছু হ্ৰাস পাইছে৷ সম্প্ৰতি উদ্বেগজনক পৰিস্থিতিত থকা প্ৰতিখন জিলাতে ড্ৰোনৰ সহায়ত পৰিস্থিতি নিয়ন্ত্ৰণ আৰু পৰ্যবেক্ষণ কৰা হৈছে৷ উল্লেখ্য যে গোলাঘাট, যোৰহাট, লখিমপুৰ, শোণিতপুৰ, ডিব্ৰুগড় আৰু শিৱসাগৰ জিলাত যোৱা দহ দিনত হোৱা সংক্ৰমণৰ সংখ্যাই এতিয়াও চৰকাৰক উদ্বিগ্ন কৰি ৰাখিছে৷ গোলাঘাটত এই দহ দিনত প্ৰায় ২,৫০০জন লোক আক্ৰান্ত হয়৷ বাকী জিলাকেইখনতো প্ৰায় ১,৯০০জনপৰ্যন্ত লোক এইকেইদিনত আক্ৰান্ত হয়৷