অসমত পোনপ্ৰথমবাৰৰ বাবে শ্ৰীমন্ত শংকৰদেৰ কলাক্ষেত্ৰত অনুষ্ঠিত স্বাস্থ্য সেৱা উৎসৱৰ অধীনত ২১ খন জিলা চিকিৎসালয়, ১৬ খন মহকুমা অসামৰিক চিকিৎসালয়, ২০৮খন সমূহীয়া স্বাস্থ্য কেন্দ্ৰ আৰু এহেজাৰখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মূল্যায়ন কৰা হৈছিল৷ সেই অনুসৰি ৰাজ্যৰ ১২ শতাংশ চিকিৎসালয়ে এ গ্ৰেড, ৪৯ শতাংশ চিকিৎসালয়ে বি গ্ৰেড আৰু ৩৯ শতাংশ চিকিৎসালয়ে চি গ্ৰেড লাভ কৰে৷ ইফালে স্বাস্থ্য সেৱা উৎসৱত এ গ্ৰেড লাভ কৰি বঁটা পোৱা জিলাকেইখন হৈছে কাছাৰ, নমবাৰী, মৰিগাঁও, ডিব্ৰুগড় আৰু যোৰহাট৷ বৰপেটা আৰু তিনিচুকীয়াই অনুপ্ৰেৰণামূলক বঁটা লাভ কৰিছে৷ আনহাতে শ্ৰেষ্ঠ চিকিৎসালয়ৰ বঁটা লাভ কৰিছে ক্ৰমে গোৱালপাৰা চিভিল হস্পিটেল, হাফলং চিভিল হস্পিটেল, এল জি বি চিভিল হস্পিটেল, তিনিচুকীয়া, মঙলদৈ চিভিল হস্পিটেল আৰু মৰিগাঁও চিভিল হস্পিটেলে৷ শ্ৰেষ্ঠ মহকুমা চিভিল হস্পিটেলৰ শিতানত নলবাৰীৰ মুকালমুৱা মহকুমা চিভিল হস্পিটেল, কমিউনিটি স্বাস্থ্য কেন্দ্ৰৰ শিতানত শুৱালকুছি কমিউনিটি স্বাস্থ্য কেন্দ্ৰ, হাজো কমিউনিটি স্বাস্থ্য কেন্দ্ৰ, ডিমৌ মডেল হস্পিটেল, দৰঙৰ দেওমৰনৈ আৰু টিহুৰ এফ আৰ ইউৱে বঁটা লাভ কৰিছে৷ আনহাতে শ্ৰেষ্ঠ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ শিতানত নলবাৰীৰ শালমাৰা, নলবাৰীৰ দৌলাশাল, মৰিগাঁৱৰ বাঘেৰা, কামৰূপ মেট্ৰ’ৰ খানাপাৰা আৰু বৰপেটাৰ ৰহা স্বাস্থ্য কেন্দ্ৰই বঁটা লাভ কৰিছে৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কলাক্ষেত্ৰত অনুষ্ঠিত উৎসৱত এই বঁটাসমূহ বিতৰণ কৰে৷ শিক্ষা, স্বাস্থ্য আৰু পুষ্টিকৰ খাদ্য এই তিনিওটা বিষয় একেডাল মালাৰে ভিন্নৰঙী ফুল বুলি মত প্ৰকাশ কৰি সভাত মুখ্যমন্ত্ৰীয়ে কয় যে স্বাস্থ্য সেৱা উৎসৱ অনুষ্ঠিত কৰা অসম হৈছে দেশৰ ভিতৰতে প্ৰথমখন ৰাজ্য৷ এই উৎসৱ আয়োজনেৰে অসমে স্বাস্থ্য খণ্ডত এক মাইলৰ খুঁটি স্থাপন কৰিবলৈ সক্ষম হ’ল বুলিও তেওঁ মন্তব্য কৰে৷ আনহাতে প্ৰথমবাৰ অনুষ্ঠিত স্বাস্থ্য সেৱা উৎসৱত বিশেষ ভাল ফলাফল দেখুৱাবলৈ সক্ষম নোহোৱা চিকিৎসালয়সমূহে অনাগত দিনত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ’ব বুুলিও তেওঁ আশা ব্যক্ত কৰে৷ ইফালে মুখ্যমন্ত্ৰীৰ জন আৰোগ্যৰ যোজনাৰ অধীনত সকলো লোকেই যাতে সুবিধা লাভ কৰে, তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ দি মুখ্যমন্ত্ৰীয়ে অহা ১৫ আগষ্টৰ ভিতৰত সকলো লোকেই যাতে আয়ুষ্মান কাৰ্ড লাভ কৰে, তাৰ বাবেও সময় বান্ধি দিয়ে৷