ৰাজ্যলৈ গৌৰৱ : অসম সন্তানলৈ ইউনেস্ক’ৰ বঁটা

0
51

পুনৰবাৰ এক আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিৰে ৰাজ্যবাসীক গৌৰৱান্বিত কৰিলে এগৰাকী অসম সন্তানে৷ অসমৰ যুৱ বিজ্ঞানী বৃন্দা কাশ্যপে ইউনেস্ক’ মেব ইয়ং ছায়েণ্টিষ্ট এৱাৰ্ড ফৰ ২০২৪ লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ উল্লেখ্য যে ইউনেস্ক’ই এইবাৰ মেব যুৱ বিজ্ঞানী বঁটা বিশ্বৰ ১১ খন দেশৰ মুঠ ১৫ জন যুৱ বিজ্ঞানীলৈ আগবঢ়াইছে৷ অসমৰ বৃন্দা কাশ্যপে বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ সংৰক্ষণৰ ক্ষেত্ৰত সন্মুখীন হোৱা বিভিন্ন প্ৰত্যাহবান আৰু তাৰ সৈতে মোকাবিলা কৰা বিষয়ত গৱেষণা কৰিব৷ তেওঁ এই গৱেষণাত ভূ স্থানীয় তথ্য, ভৱিষ্যতৰ ভূমি আৱৰণৰ অনুকৰণ আৰু আৰ্থ সামাজিক প্ৰভাৱৰ মূল্যায়ন কৰি গঁড়ৰ বাসস্থানৰ উপযুক্ততা আৰ্হি প্ৰস্তুত কৰিব, য’ত গঁড়ৰ বাসস্থান আৰু সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰত জলবায়ু পৰিৱৰ্তনৰ লগতে ভৱিষ্যতৰ প্ৰভাৱৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰিব৷ উল্লেখ্য যে বিশ্বৰ নৱ প্ৰজন্মৰ বিজ্ঞানীক পৰিৱেশ আৰু বহনক্ষম বিষয়ত বিশেষভাৱে গৱেষণা আৰু ইউনেস্ক’ই ১৯৮৯ চনৰ পৰা এই বঁটা প্ৰদান কৰি আহিছে৷ ইউনেস্ক’ই এই বঁটাৰ সৈতে পাঁচ হাজাৰ মাৰ্কিন ডলাৰ আগবঢ়ায়৷ অসম সন্তান বৃন্দাৰ সফলতাৰ বাবে ৰাজ্যৰ সকলো স্তৰৰ লোকেই তেওঁক অভিনন্দন জ্ঞাপন কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here