ৰাজ্যবাসীৰ বাবে সুখবৰ : ২৪ অক্টোবৰত এজনো কৰ’না ৰোগীৰ মৃত্যু হোৱা নাই

0
1708


ৰাজ্যত কৰ’না মহামাৰীৰ সংহাৰ অব্যাহত থকাৰ মাজতে আন এটা ভাল খবৰে ৰাজ্যবাসীক আশাৰ ৰেঙনি দেখুৱাইছে৷ কভিড-১৯-অৰ বিৰুদ্ধে কৰা যুঁজত ৰাজ্যৰ জনগণ জয়ী হোৱাৰ দিশে গতি কৰিছে৷ সেয়া হ’ল যোৱা ২৪ অক্টোবৰত ৰাজ্যত কৰ’না ৰোগী এজনৰো মৃত্যু হোৱা নাই৷ কৰ’না মহামাৰীৰ গ্ৰাসত পৰা ৰাজ্যসমূহৰ ভিতৰত অসমত কৰ’না আক্ৰান্ত হৈ কালিৰ দিনটোত মৃত্যু হোৱা লোকৰ সংখ্যা শূন্য৷ ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এই শুভ সংবাদটো কালি এক টুইটযোগে ৰাজ্যবাসীক জানিবলৈ দিয়ে৷ কৰ’নাক লৈ দীৰ্ঘদিনৰ মূৰত স্বাভাৱিকতে এয়া এক ইতিবাচক ঘটনাৰূপে পৰিগণিত হৈছে৷ বিগত কিছুদিন ধৰি অইন ৰাজ্যৰ তুলনাত অসমত কৰ’না সংক্ৰমণৰ হাৰ হ্ৰাস পাইছে৷ ৰাজ্যৰ কৰ’না আক্ৰান্ত লোক ২,০৭,৭৪১ গৰাকীলৈ বৃদ্ধি পাইছে৷ ইয়াৰ ভিতৰত ১,৯৮,৬৯৪ গৰাকী সুস্থ হৈ উঠিছে৷ আক্ৰান্তৰ হাৰ ১.৩১ শতাংশ৷ এই ধাৰা অটুট থাকিলে খুব কম দিনৰ ভিতৰতে ৰাজ্যবাসীয়ে কৰ’নাৰ কৰাল গ্ৰাসৰ পৰা মুক্তি লাভ কৰিব৷ সেয়েহে আহকচোন, আমি আৰু অধিক সজাগ-সচেতন হওঁ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here