ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি ড্ৰাগছৰ ৰমৰমীয়া বেহা

0
1043

আন্তঃৰাষ্ট্ৰীয় ড্ৰাগ্‌ছ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে বিগত সময়ছোৱাত এলানি সফল অভিযান চলাই অহা কাৰ্বি আংলং জিলা আৰক্ষীৰ তৎপৰতাত পুনৰ বুজন পৰিমাণৰ নিষিদ্ধ নিচাযুক্ত দ্ৰব্য অলপতে উদ্ধাৰ হোৱাৰ বাতৰি পোৱা গৈছে৷ আন্তঃৰাষ্ট্ৰীয় ড্ৰাগ্‌ছ সৰবৰাহকাৰী চক্ৰই বিগত সময়ছোৱাত পাহাৰীয়া জিলাখনৰ মাজেৰে যোৱা ৩৬নং আৰু ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথ দুটা দেশৰ বিভিন্ন প্ৰান্তৰলৈ ড্ৰাগ্‌ছ সৰবৰাহৰ ক্ষেত্ৰত অন্যতম কৰিড’ৰ হিচাপে ব্যৱহাৰ কৰি আহিছে৷ জিলাখনৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে ড্ৰাগ্‌ছৰ এনে অবাধ সৰবৰাহ অব্যাহত থকাৰ বিপৰীতে বিগত বছৰতো কাৰ্বি আংলং জিলা আৰক্ষীয়ে ড্ৰাগ্‌ছ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে কঠোৰ অভিযান চলাই প্ৰায় ডেৰশ কোটি টকা মূল্যৰ ড্ৰাগ্‌ছ জব্দ কৰাৰ লগতে ভালেসংখ্যক ড্ৰাগ্‌ছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

আৰক্ষী সূত্ৰে লাভ কৰা তথ্য অনুসৰি চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ দিশৰ পৰা অহা এখন ইক’ ফ’ৰ্ড গাড়ী ডিলাই আৰক্ষীয়ে ৰ’বলৈ সংকেত দিয়ে যদিও বাহনখনে আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি পলাই সাৰিবলৈ চেষ্টা কৰে৷ ডিলাই থানাৰ পৰা তীব্ৰ বেগেৰে মাঞ্জাৰ দিশে গতি কৰা গাড়ীখনৰ বিষয়ে ডিলাই আৰক্ষীয়ে লগে লগে মাঞ্জা আৰক্ষীক অৱগত কৰে৷ ডিলাই আৰক্ষীৰ এটা দলে বাহনখন অনুসৰণ কৰাৰ লগতে মাঞ্জা আৰক্ষীয়েও বাহনখন জব্দ কৰাৰ বাবে চেষ্টা চলায়৷ আৰক্ষীৰ এনে তৎপৰতাৰ মাজতে বাহনখন মাঞ্জা থানাৰ অন্তৰ্গত ভাৰতীয় ষ্টেট বেংকৰ সমীপৰ হোজাই নলাত বাহনখন পৰিত্যক্ত অৱস্থাত থৈ আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে৷ আৰক্ষীৰ এটা দলে বাহনখনত তালাচী চলাই ৪০টা চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত ৪৯২ গ্ৰাম ব্ৰাউন ছুগাৰ উদ্ধাৰ কৰে৷ জব্দ হোৱা ড্ৰাগ্‌ছখিনিৰ বজাৰ মূল্য কমেও সত্তৰ লাখ টকা হ’ব বুলি অনুমান কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here