অসম চৰকাৰে ইখনৰ পাছত সিখনকৈ হিতাধিকাৰী সৃষ্টিকাৰী আঁচনি ৰূপায়ণ কৰাৰ পাছতো দিনক দিনে দুখীয়া লোকৰ সংখ্যা বৃদ্ধি পাবলৈহে ধৰিছে৷ খোদ কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, ২০১১-১২ বিত্তীয় বৰ্ষত ৰাজ্যখনত দৰিদ্ৰ লোকৰ সংখ্যা আছিল ৩১.৯৮ শতাংশ৷ কিন্তু এতিয়া এই সংখ্যা বৃদ্ধি পাই হৈছেগৈ ৩২.৬৭ শতাংশ৷ অসমৰ এনে শোচনীয় পৰিস্থিতিৰ বিপৰীতে কিন্তু কেৰালা, গুজৰাট আদি ৰাজ্যত দিনক দিনে দৰিদ্ৰ লোকৰ সংখ্যা হ্ৰাস পাবলৈ ধৰিছে৷ উল্লেখ্য যে শেহতীয়াকৈ নিটি আয়োগে প্ৰকাশ কৰা এখন প্ৰতিবেদন অনুসৰি অসমৰ ৩২.৬৭ শতাংশ লোকেই বহুমাত্ৰিক দৰিদ্ৰতাৰ সৈতে বাস কৰি আছে৷ ৰাজ্যখনৰ ভিতৰতে সকলোতকৈ অধিক দুখীয়া লোক বাস কৰা জিলাখন হৈছে হাইলাকান্দি আৰু কম সংখ্যক দৰিদ্ৰ লোকে বাস কৰা জিলাখন হৈছে কামৰূপ মহানগৰ৷ হাইলাকান্দিত জিলাখনৰ মুঠ জনসংখ্যাৰ ৫১.০৭ শতাংশ বহুমাত্ৰিক দৰিদ্ৰতাৰ সৈতে যুঁজি থকা লোকে বাস কৰাৰ বিপৰীতে কামৰূপ মহানগৰ জিলাত থকা এনে লোকৰ সংখ্যা হৈছে ১১.০৪ শতাংশ৷ আনহাতে এই তালিকা অনুসৰি ধুবুৰী জিলাত বাস কৰা লোকসকলৰ ভিতৰত ৫১.০৬ শতাংশ, কৰিমগঞ্জ জিলাত ৪৬.০২ শতাংশ, গোৱালপাৰা জিলাত ৪০.১৫ শতাংশ, তিনিচুকীয়া জিলাত ৩৬.৭০ শতাংশ, বাক্সা জিলাত ২৩.৫৯ শতাংশ, গোলাঘাট জিলাত ২০.৬০ শতাংশ, যোৰহাট জিলাত ২০.২৪ শতাংশ আৰু নলবাৰী জিলাত ১৬.৯৪ শতাংশ এনে লোকে বাস কৰে৷ ইফালে ৰাজ্যখনৰ ৩৯.৬৭ শতাংশ লোকেই উপযুক্ত পুষ্টিৰ পৰা, অনাময়ৰ ক্ষেত্ৰত ৩১.৫০ শতাংশ, স্কুলীয়া শিক্ষাৰ পৰা ১৬.১৯ শতাংশ লোক বঞ্চিত হৈ আছে৷