যোৰহাটৰ ডি চি বি গাৰ্লছ কলেজৰ ১১গৰাকী ছাত্ৰীৰ দেহত কৰ’না পজিটিভ পোৱা গৈছে৷
ৰাজ্যত পুনৰ কৰ’নাৰ ভয়াৱহ সংক্ৰমণে দেখা দিছে৷ কৰ’না মহামাৰীৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে৷ নিতৌ ভিন্ন প্ৰান্তত নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে৷ অইন ঠাইৰ লগতে কৰ’নাৰ সংক্ৰমণ ডিব্ৰুগড়ত ক্ৰমান্বয়ে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ ডিব্ৰুগড়তো অতি সন্তৰ্পণে কভিড সংক্ৰমণ হৈ আছে যদিও জনসাধাৰণে কোনোধৰণৰ সজাগতা, সচেতনতা বা কভিড প্ৰট’কল মানি চলা পৰিলক্ষিত হোৱা নাই৷ ডিব্ৰুগড় জিলাত যোৱা ৫ এপ্ৰিলত মুঠ ৬২জন বিভিন্ন বয়সৰ লোক আক্ৰান্ত হোৱা বুলি চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা গৈছে৷ চলিত এপ্ৰিল মাহতে ৫ এপ্ৰিলৰ দিনটোলৈ জিলাখনত মুঠ ৬২জনৰ দেহত নতুনকৈ কভিড-১৯ ৰ ভাইৰাছ ধৰা পৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে৷ একেদৰে নগাঁও জিলাত দ্ৰুতগতিত বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্তৰ সংখ্যা৷ ৫ এপ্ৰিলত জিলাখনৰ বিভিন্ন স্থানত ১২জনকৈ লোক কৰ’নাত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা হৈছে৷ উল্লেখ্য যে মাত্ৰ ২২ দিনতে জিলাখনত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৪২লৈ বৃদ্ধি পাইছে৷ জিলাখনত কভিড-১৯ত আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বাঢ়িছে যদিও জনসাধাৰণে সামাজিক দূৰত্বকে ধৰি কোনোধৰণৰ কভিড প্ৰট’কল মানি চলা দেখিবলৈ পোৱা নাই৷ ফলত আগন্তুক দিনত জিলাখনৰ পৰিস্থিতি আৰু অধিক ভয়ংকৰ হৈ পৰাৰ সম্ভাৱনাই অধিক৷ লখিমপুৰ জিলাতো কৰ’নাৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাবলৈ ধৰিছে৷ এইপৰ্যন্ত জিলাখনত ৩জন ৰোগী চিনাক্ত হোৱাৰ লগতে জিলা প্ৰশাসনে এখন বিলাসী হোটেল ছীল কৰিবলৈ বাধ্য হয়৷ তথ্য অনুসৰি, লখিমপুৰ নগৰৰ এখন হোটেলত থকা এগৰাকী আৱাসীৰ দেহত কৰ’না ভাইৰাছ ধৰা পৰাত স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনে ৫ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ মেপল লিফ নামৰ হোটেলখন ছীল কৰি দিয়ে৷ শিৱসাগৰ জিলাতো কভিড আক্ৰান্ত ৰোগীৰ সংখ্যা ১৬ লৈ বৃদ্ধি পালে৷ ফলত এতিয়া অধিক তৎপৰ হৈ পৰে জিলা প্ৰশাসন৷ এক আদেশযোগে জিলা প্ৰশাসনে সমগ্ৰ জিলাখনত ১৪৪ ধাৰা জাৰি কৰিছে৷ এই আদেশযোগে সকলো চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠান, দোকান, হোটেল, ৰেষ্টুৰেণ্ট আদিত থাৰ্মেল স্কেনিং আৰু প্ৰৱেশ পথত হেণ্ড ছেনিটাইজাৰ ৰখাটো বাধ্যতামূলক৷ ইফালে যোৰহাটৰ ডি চি বি গাৰ্লছ কলেজৰ ১১গৰাকী ছাত্ৰীৰ দেহত কৰ’না পজিটিভ পোৱা গৈছে৷ জানিব পৰা মতে, শিক্ষক-কৰ্মচাৰীকে ধৰি ডি চি বি কলেজত ৫ এপ্ৰিলত কভিড পৰীক্ষা কৰা মুঠ ১৩৮জনৰ ভিতৰত ১১ গৰাকী ছাত্ৰীৰ কভিড ৰিপ’ৰ্ট পজিটিভ আহে৷ ইয়াকে লৈ এতিয়া কলেজখনৰ আন আন ছাত্ৰীসকলোকো উদ্বিগ্ন কৰি তুলিছে৷ অনাগত দিনত ৰাজ্য চৰকাৰে কৰ’নাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে সমগ্ৰ ৰাজ্যখনতে ইয়াৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাব৷ তেতিয়া হয়তো এই মহামাৰীক ৰোধ কৰাটো কঠিনতকৈও কঠিন হৈ পৰিব৷