ৰাজ্যত অচিন ৰোগত গাহৰিৰ মৃত্যু

0
1559

ৰাজ্যত কভিড-১৯-অৰ সংক্ৰমণৰ ভয়াৱহতা অব্যাহত থকাৰ সময়তে আন এক মহামাৰীয়ে দেখা দিছে৷ এইবাৰ এই মহামাৰী সংক্ৰমণ হৈছে গাহৰিৰ দেহত৷ এনেদৰে অচিন ৰোগৰ ফলত হাজোৰ লগতে ৰাজ্য আন আন ঠাইতো শ শ গাহৰিৰ অস্বাভাৱিকভাৱে মৃত্যু হৈছে৷ একো উৱাদিহ নাপাই গাহৰি পালকসকলে মূৰে-কপালে হাত দিব লগা হৈছে৷ ইতিমধ্যে হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত বিষ্ণুপুৰৰ গোবিন্দ ভৰালী, কুলেন তালুকদাৰ, দীপাংকৰ দাস, ভূপেন দাস, মণ্টু দাস আদি গাহৰি পালকসকলৰ প্ৰায় দুশ গাহৰিৰ অস্বাভাৱিকভাৱে মৃত্যুমুখত পৰে৷ হাজোৰ সাতদলা চাৰি নং বাগটাৰ বীৰেন দাসে জনোৱা মতে, এসপ্তাহৰ ভিতৰতে তেওঁৰ পঁচিশজনী গাভিনী গাহৰি আৰু পোৱালিসহ মুঠ ৮৫টা গাহৰি এনে ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে৷ আনহাতে হাজোৰ প্ৰায়ভাগ গাহৰি ফাৰ্মৰে গাহৰিৰ গাত এনে অচিন ৰোগে দেখা দিছে৷ আনহাতে কামৰূপৰ আজাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত কেওটপাৰা আৰু ঝংকটবড়ী গাঁৱতো অচিন ৰোগত আক্ৰান্ত হৈ শতাধিক গাহৰিৰ মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ এই অঞ্চলটোৰ প্ৰায় পঞ্চাশটাৰো অধিক পৰিয়ালে গাহৰি পালন কৰি জীৱিকা-নিৰ্বাহ কৰে৷ তেওঁলোকে জনোৱা মতে, বিগত প্ৰায় ডেৰ-দুই মাহত গাঁও দুখনত যথেষ্টসংখ্যক গাহৰিৰ মৃত্যু হৈছে৷ এক অচিন ৰোগত আক্ৰান্ত হৈ পোহনীয়া গাহৰিবোৰৰ মৃত্যু হোৱাৰ লগে লগে গাহৰি পালকসকলৰ জীৱনলৈ তীব্ৰ প্ৰত্যাহ্বান নামি আহিছে৷ এনেদৰে ৰোগত আক্ৰান্ত গাহৰিবোৰে দুই-তিনিদিন ধৰি খাবলৈ এৰি কেৱল শুই থাকে৷ ৰোগ হোৱা গাহৰিৰ নাকেৰে তেজপৰ্যন্ত ওলায়৷ পশু চিকিৎসকে ৰোগাক্ৰান্ত গাহৰিবোৰৰ চিকিৎসা কৰিছে যদিও কোনো সুফল পোৱা নাই৷ সেয়েহে উন্নত চিকিৎসাৰ বাবে বিশেষজ্ঞ চিকিৎসকৰ হতুৱাই চিকিৎসা প্ৰদান কৰিবলৈ ভুক্তভোগী গাহৰি পালকসকলে দাবী জনাইছে৷ উল্লেখ্য যে হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত বিষ্ণুপুৰ, সাতদলা, বাগটা, হালাদা, গেৰুৱা, ৰামদিয়া আদি ঠাইৰ বহুকেইজন উচ্চ শিক্ষিত যুৱকে চৰকাৰী চাকৰিৰ পাছত নুঘূৰি বিভিন্ন ব্যক্তিগত খণ্ডৰ পৰা ঋণ লৈ ফাৰ্ম খুলি গাহৰি পালন কৰি আহিছিল লগতে স্থানীয় বহু যুৱককে কৰ্মসংস্থাপন সুবিধা কৰি দিছিল৷ এতিয়া এনে অৱস্থাই এইসকল দুৰ্ভগীয়া যুৱকৰ পানী হাঁহ নচৰা অৱস্থাৰ সৃষ্টি কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here