গুৱাহাটীৰ সোণাপুৰস্থিত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ কিডনী হস্পিটেল ইন্ষ্টিটিউট অব্ কিডনী ডিজিজেজ চমুকৈ আই ইউ কে ডিৰ ৯৪ সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰটো যোৱা ৬ এপ্ৰিল দেওবাৰে কাৰ্বি আংলঙত অনুষ্ঠিত হৈ যায়৷ আই ইউ কে ডি আৰু ইষ্টাৰ্ন ষ্ট’ন এণ্ড কিডনী ফাউণ্ডেশ্যনৰ সহযোগত তথা কাৰ্বি কালচাৰেল ছ’চাইটি আৰু কাৰ্বি ফিল্ম ছ’চাইটিৰ উদ্যোগত ডিফুৰ তাৰালাংছ’ত কাৰ্বি পিপ্লছ হলত এই চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়৷ শিবিৰৰ আৰম্ভণিতে আই ইউ কে ডিৰ মুখ্য পৰিচালন সঞ্চালক তথা ৰাজ্যৰ বিশিষ্ট ইউৰ’লজিষ্ট, লেজাৰমেন খ্যাত ডাঃ অৰূপ কুমাৰ নাথক আয়োজকৰ ফালৰ পৰা এখন কাৰ্বি গামোচাৰে সম্বৰ্ধনা জনোৱা হয়৷ অনুষ্ঠানত অসমীয়া ছবিজগতৰ সু-অভিনেতা ৰাজীৱ ক্ৰ’য়ে উপস্থিত থাকি সাৱলীল তথা খুহুতীয়া কথাৰে ভাষণ আগবঢ়াই ৰোগীসকলৰ মাজত হাঁহিৰ খোৰাক জগায়৷ ইয়াৰ লগতে তেখেতে অনুষ্ঠানটো সুন্দৰভাৱে পৰিচালনা কৰি নিয়াৰ ক্ষেত্ৰত বিশেষভাৱে সহযোগিতা আগবঢ়ায়৷ আনহাতে কাৰ্বি কালচাৰেল ছ’চাইটিৰ সম্পাদক সুনীল টক্বি আৰু প্ৰাক্তন সভাপতি চন্দনসিং ক্ৰ’য়ে উক্ত চিকিৎসা শিবিৰত উপস্থিত থকা ৰোগীসকলৰ চিকিৎসাৰ ক্ষেত্ৰত সহায়-সহযোগিতা আগবঢ়ায়৷ ইয়াৰ পাছত ডাঃ নাথে ৰোগীসকলৰ সৈতে মত বিনিময় কৰে আৰু তেওঁলোকৰ সমস্যাসমূহৰ বিষয়ে পুংখানুপুংখভাৱে জানিবলৈ বিচাৰে৷ উল্লেখ্য যে ইতিমধ্যে ডাঃ নাথে বিগত কেইমাহমান ধৰি অসমৰ বিভিন্ন প্ৰান্তত আই ইউ কে ডিয়ে কিডনী সম্পৰ্কীয় বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰি অহাৰ লগতে ৰাইজৰ পৰা বিপুল সঁহাৰি লাভ কৰিছে৷ উক্ত বিনামূলীয়া চিকিৎসা শিবিৰত কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাত ভোগা ৰোগীসকলক চিকিৎসা প্ৰদান কৰা হয় আৰু তেওঁলোকৰ এই ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত বিধানৰ লগতে বিনামূলীয়াকৈ ঔষধো প্ৰদান কৰা হয়৷ উক্ত চিকিৎসা শিবিৰত অঞ্চলটোৰ পৰা শতাধিক ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰা হয়৷ শিবিৰত ডাঃ অৰূপ কুমাৰ নাথৰ নেতৃত্বত যোৱা চিকিৎসক, স্বাস্থ্যকৰ্মী, নাৰ্ছকে ধৰি এটা সঁজাতী দলে এই ৰোগীসকলক চিকিৎসা সেৱা আগবঢ়ায়৷ উল্লেখ্য যে সোণাপুৰত থকা আই ইউ কে ডি হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ তথা অন্যতম কিডনী হস্পিটেল, য’ত কেৱল কিডনী সম্পৰ্কীয় সকলো চিকিৎসা প্ৰদান কৰা হয়৷ ইতিমধ্যে এই হস্পিটেলখনত ডাঃ নাথৰ নেতৃত্বত চিকিৎসকৰ দলে সহস্ৰাধিক সফল অস্ত্ৰোপচাৰো সম্পাদন হৈছে৷