ৰহস্যময় বিশ্বব্ৰহ্মাণ্ডত আছেবিশাল সম্পত্তিৰ ভাণ্ডাৰ

0
276


ৰহস্যময় বিশ্বব্ৰহ্মাণ্ডত আছে বিশাল সম্পত্তিৰ ভাণ্ডাৰ৷ এই সম্পদবোৰ উদ্ধাৰ কৰিব পাৰিলে পৃথিৱীৰ মানুহ কিমান ধনী হ’ব, তাৰ কোনো হিচাপ নাই৷ ডেইলী ষ্টাৰৰ এটা বাতৰিত প্ৰকাশ পোৱা অনুসৰি মঙল আৰু বৃহস্পতিৰ মাজত থকা গ্ৰহাণুপুঞ্জত এনেকুৱা কিছুমান গ্ৰহাণু আছে, য’ত অতি মূল্যৱান ধাতু তথা খনিজাত সামগ্ৰী আছে৷ এই গ্ৰহাণুবোৰ লো, নিকেল আৰু সোণৰ দৰে মূল্যৱান ধাতুৰে পৰিপূৰ্ণ হৈ আছে৷ অনুমান কৰা মতে, গ্ৰহাণুবোৰত থকা সম্পদৰ মূল্য প্ৰায় ১০ কুইণ্টিলিয়ন ডলাৰ হ’ব৷ প্ৰায় ১০,০০০,০০০,০০০,০০০,০০০,০০০,০০০ ডলাৰ মূল্যৰ এই সম্পদখিনি যদি পৃথিৱীলৈ আনিব পৰা যায়, তেতিয়া আমাৰ গ্ৰহটোত বাস কৰা প্ৰতিজন লোকৰ ভাগত কমেও ৰ লাখ কোটি পাউণ্ডকৈ পৰিব৷ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই এই উল্কাপিণ্ডবোৰত সঞ্চিত হৈ থকা সম্পদ পৃথিৱীলৈ অনাৰ কাৰণে প্ৰস্তুতি চলাইছে৷ নাছাই এনেকুৱা এখন মহাকাশ যান সাজিছে, যি এই গ্ৰহাণুবোৰত থকা মূল্যৱান খনিজ সম্পদৰ বিষয়ে তথ্য আহৰণ কৰিব৷ অৱশ্যে নাছাই ইয়াৰ জৰিয়তে পৃথিৱী তথা আমাৰ সৌৰজগতৰ উৎপত্তি কেনেকৈ হৈছিল, সেই বিষয়ে তথ্য লাভ কৰাৰ চেষ্টা কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here