ৰন্ধন গেছত খাদ্য ৰন্ধাটো স্বাস্থ্যসন্মতনে ?

0
1064


বৰ্তমান সময়ত ৰন্ধন কাৰ্যত খৰিৰ ব্যৱহাৰ নাইকিয়া হৈছে৷ তাৰ ঠাই দখল কৰিছে ৰন্ধন গেছে৷ হোটেল, ৰোস্তোৰাঁ, বিবাহ আদি অনুষ্ঠান আনকি ঘৰুৱাভাৱে প্ৰস্তুত কৰা খাদ্যও খৰিৰ সলনি ৰন্ধন গেছতহে বনোৱা হয়৷ খৰিৰ সলনি গেছৰ খাদ্য বনোৱাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক নেকি? ৰন্ধন গেছ খাদ্য ৰন্ধাটো কিমান স্বাস্থ্যসন্মত, সেই বিষয়ে বিভিন্ন গৱেষণা চলি আছে৷ ৰন্ধন গেছক লৈ আগৰে পৰা উদ্বেগ প্ৰকাশ কৰি অহা হৈছে৷ শেহতীয়াভাৱে কৰা এক গৱেষণাৰ পৰা ৰন্ধন গেছত খাদ্য বনোৱাটো কিমান ভয়াৱহ তাৰ তথ্য লাভ কৰিছে৷ আমেৰিকাত শিশুৰ এজমা ৰোগ বৃদ্ধি পোৱাত ৰন্ধন গেছৰ পৰা বিষাক্ত বাষ্পৰ নিৰ্গমণে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে বুলি জানিব পৰা গৈছে৷ এই অধ্যয়নৰ পৰা পোৱা তথ্য মতে, আমেৰিকাত এজমা হোৱা শিশুৰ ১২.৭ শতাংশ অৰ্থাৎ প্ৰতি আঠটা শিশুৰ ভিতৰত এটা এই ৰোগত আক্ৰান্ত হৈছে ৰন্ধন গেছৰ ষ্টভৰ পৰা নিৰ্গত হোৱা বিষাক্ত বাষ্পৰ পৰা৷ আমেৰিকাৰ কনজিউমাৰ প্ৰডাক্ট চেফটি কমিছনে ৰন্ধন গেছ নিষিদ্ধ কৰাৰ কথা চিন্তা কৰিছে বুলি জানিব পৰা গৈছে৷ অষ্ট্ৰেলিয়াৰ নিউ ছাউথ ৱেলছ বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে এইবুলি মত প্ৰকাশ কৰিছে যে ৰন্ধন গেছক লৈ প্ৰকাশ হোৱা উদ্বেগ ভিত্তিহীন নহয়৷ তেওঁলোকে কয় যে সাধাৰণতে গেছৰ ষ্টভৰ খাদ্য ৰন্ধা হয়৷ ইয়াৰ অৰ্থ হ’ল প্ৰদূষকৰ সৈতে ৰান্ধনী নিয়মীয়াকৈ সংস্পৰ্শত থাকে৷ এইটো ভাল কথা নহয়৷ পৰিৱেশ সম্পৰ্কীয় ৰোগৰ বিশেষজ্ঞ ডাঃ ক্ৰিষ্টিন কোভিয়ে কয় যে বৰ্তমান সময়ত ৰন্ধন গেছৰ পৰা আঁতৰত থকাৰ প্ৰয়োজন৷ তেওঁৰ মতে ষ্টভ জ্বলোৱাৰ সময়ত ইয়াৰ পৰা কাৰ্বন মনোক্সাইড, নাইট্ৰাছ অক্সাইড আৰু ফৰ্মেলডিহাইডৰ নিৰ্গমণ হ’ব পাৰে৷ কাৰ্বন মনোক্সাইডে বায়ুত অক্সিজেনৰ মাত্ৰা হ্ৰাস কৰিব পাৰে লগতে তেজত থকা অক্সিজেনে নষ্ট কৰিব পাৰে৷ ইয়াৰ ফলত মূৰৰ বিষ তথা মূৰ ঘূৰণি আদি উপসৰ্গই দেখা দিব পাৰে৷ আমেৰিকাত যোৱা বছৰ চলোৱা এটা অধ্যয়নৰ পৰা এইবুলি মত প্ৰকাশ কৰা হৈছে যে দেশখনত ৰন্ধন গেছৰ ষ্টভৰ পৰা নিৰ্গমণ হোৱা কাৰ্বনৰ পৰিমাণ পাঁচ লাখ গাড়ীৰ পৰা হোৱা কাৰ্বন নিৰ্গমণৰ সমান৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here