ৰ’দত বহি আপুনি ৰবাব টেঙাৰ জুতি লয়নে?

0
2147

সকলোৰে চিনাকি ৰবাব টেঙাৰ গছজোপাৰ পৰা উৎপন্ন হোৱা ফলবিধ অতি মূল্যৱান৷ জাৰৰ দিনত ৰ’দৰ তাপ লৈ কলপাতত ৰবাব টেঙা, নিমখ আৰু সৰহকৈ দিয়া জলকীয়া সানি খোৱাৰ আমেজ খাওঁতাইহে উপলব্ধি কৰিব পাৰে৷ ইয়াৰ বৈজ্ঞানিক নাম চিটৰাছ মেক্সিমা (Citrus maxima)৷ ৰবাব টেঙা অতি সুস্বাদু আৰু সহজে পোৱা এবিধ ফল৷ ৰবাব টেঙাই আমাৰ স্বাস্থ্যৰক্ষাৰ ক্ষেত্ৰত কিদৰে ভূমিকা গ্ৰহণ কৰে জানো আহক–

(১) ৰবাব টেঙাই শৰীৰৰ আন্ত্ৰিক কেঞ্চাৰ, স্তন কেঞ্চাৰ আদিৰ পৰা সুৰক্ষা দিয়ে৷
(২) ভিটামিন-চিৰে সমৃদ্ধ বাবে ৰবাব টেঙাই শৰীৰত আইৰন কমাত বাধা দিয়াৰ লগতে ৰক্ত সঞ্চালন উন্নত কৰে৷ সেয়ে ই ৰক্তহীনতা দূৰ কৰাত সহায় কৰে৷
(৩) ৰবাব টেঙা খালে হৃদৰোগৰ সম্ভাৱনা কম হয়৷ এই টেঙাই শৰীৰৰ বেয়া কলেষ্টৰেল কমাই ভাল কলেষ্টৰেল বৃদ্ধিত অৰিহণা যোগায়৷
(৪) ৰবাব টেঙাই দাঁত মজবুত কৰে আৰু দাঁতৰ সমস্যা দূৰ কৰে৷
(৫) ৰবাব টেঙাত পোৱা ভিটামিন-চিত থকা এনজাইমে ছালৰ স্থিতিস্থাপকতা বঢ়াই ছাল সুন্দৰ কৰি তোলে৷ শৰীৰত হোৱা ঘা, ফোঁহা আদি শুকুওৱাত ৰবাব টেঙাই মুখ্য ভূমিকা লয়৷
(৬) মূত্ৰাশয়ত বীজাণুৰ সংক্ৰমণ, পেচাব জ্বলা-পোৰা কৰা আদিত ৰবাব টেঙা খালে সুফল পোৱা যায়৷
(৭) কাহ,জ্বৰ, চৰ্দি এলাৰ্জি আদি হ’লে ৰবাব টেঙা খাব লাগে৷ ই এণ্টিবডী আৰু ইমিউন কোষবোৰ সবল আৰু সক্ৰিয় কৰি ৰোগ নিৰাময় কৰে৷
(৮) ছালত বলিৰেখা পৰা বা ছাল শোতোৰা পৰিলে ৰবাব টেঙা খালে সুফল পোৱা যায়৷ ৰবাব টেঙাত থকা স্পাৰ্মিডাইনে বাৰ্ধক্য কোষবোৰক সুৰক্ষা দিয়ে আৰু কোষ ধবংস প্ৰক্ৰিয়াত বাধা দিয়ে৷
(৯) শৰীৰৰ ওজন কমাবলৈ ৰবাব টেঙা খাব লাগে৷ ইয়াৰ লগতে ভোক বঢ়োৱাত ৰবাব টেঙাই মুখ্য কাৰক হিচাপে কাম কৰে৷
(১০) ৰবাব টেঙাই হাড় মজবুত আৰু সবল কৰি ৰাখে৷
আমাৰ চাৰিওফালে সহজতে পোৱা এই উপকাৰী ফলবিধ খোৱাটো শৰীৰৰ বাবে খুব দৰকাৰ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here