সাধাৰণতে মিঠাই, ময়দাৰে তৈয়াৰী খাদ্য আদি খালে ৰক্ত শৰ্কৰাৰ মাত্ৰা বাঢ়ে, অলপকৈ হ’লেও সেই কথা সকলোৱে জানে৷ কিন্তু ইয়াৰ বাহিৰেও আৰু বিভিন্ন কাৰণত শৰীৰত ৰক্ত শৰ্কৰাৰ মাত্ৰা বাঢ়িব পাৰে৷ তেজত শৰ্কৰাৰ মাত্ৰা বাঢ়ি গ’লে বিভিন্ন ধৰণৰ ক্ষতিকৰ প্ৰভাৱ শৰীৰত পৰে৷ হাৰ্টৰ সমস্যাকে ধৰি স্নায়ুৰ ক্ষতি, কিডনীৰ ক্ষতি আনকি দৃষ্টিশক্তিৰো ক্ষতি কৰিব পাৰে তেজত হঠাৎ বাঢ়ি যোৱা শৰ্কৰাৰ দ্বাৰা৷ পৰ্যাপ্ত পৰিমাণে টোপনিৰ অভাৱে শৰীৰৰ ইনছুলিনৰ কৰ্মক্ষমতা কমাই দিয়ে৷ ইনছুলিন মাধ্যমেৰে যোৱা শৰ্কৰা ভাঙি তাক শক্তিত পৰিণত কৰাৰ কাম কৰে৷ সেয়ে ইনছুলিনে যদি কাম নকৰে, তেনে ৰক্ত শৰ্কৰাৰ মাত্ৰা বাঢ়িব পাৰে৷ শৰীৰত যদি আদ্ৰৰ্তাৰ অভাৱ দেখা যায়, অৰ্থাৎ শৰীৰ যদি ডিহাইড্ৰেটেড হৈ যায়, তেনেহ’লে তেজত গ্লুকজৰ মাত্ৰা বাঢ়িবলৈ আৰম্ভ কৰে৷ ইয়াৰ ফলত শৰ্কৰাৰ মাত্ৰা বাঢ়ি যায়৷ মানসিক চাপ, উদ্বেগ, অৱসাদৰ বাবে শৰীৰত বিভিন্ন ধৰণৰ হৰমন নিঃসৰণ আৰম্ভ হয়৷ যাৰ ভিতৰত অন্যতম হ’ল কৰ্টিচল৷ শৰীৰৰ কৰ্টিচলৰ মাত্ৰা বাঢ়িলে ৰক্ত শৰ্কৰাৰ মাত্ৰা হঠাৎ বাঢ়ি যাব পাৰে৷ এনে সমস্যা হ’লে দহ মিনিটমান খোজ কাঢ়িব লাগে বা গভীৰভাৱে শ্বাস-প্ৰশ্বাস ল’ব লাগে৷ দীৰ্ঘসময় খালী পেটে থাকিলে লিভাৰে শৰীৰৰ জমা হোৱা গ্লুকজ নিঃসৰণ কৰিবলৈ আৰম্ভ কৰে৷ ইয়াৰ বাবেও ৰক্ত শৰ্কৰাৰ মাত্ৰা বাঢ়িব পাৰে৷ জ্বৰ বা কোনোধৰণৰ সংক্ৰমণজনিত ৰোগ হ’লে শৰীৰৰ ষ্ট্ৰেচ হৰমন নিঃসৰণ হৈ থাকে৷ শৰীৰৰ ষ্ট্ৰেচ হৰমনৰ মাত্ৰা বাঢ়ি ৰক্ত শৰ্কৰীৰ মাত্ৰা বাঢ়ি যায়৷ মহিলাসকলৰ ক্ষেত্ৰত বিশেষকৈ ঋতুচক্ৰ আৰম্ভ হোৱাৰ সময়ত বা অন্তঃসত্ত্বা হ’লে অথবা ঋতুবন্ধৰ সময়ত শৰীৰৰ হৰমনৰ উঠা-নমা হৈ থাকে৷ এই সময়ত ৰক্ত শৰ্কৰাৰ মাত্ৰা হঠাতে বাঢ়ি যাব পাৰে৷ শৰীৰচৰ্চা ভাল যদিও অতিৰিক্ত শৰীৰচৰ্চা ভাল নহয়৷ অতিৰিক্ত শৰীৰচৰ্চা কৰিলে আৰু শৰীৰত সেই শক্তিৰ পৰ্যাপ্ত যোগান নিদিলে তাৰ ফল ওলোটা হয়৷ ইয়াৰ ফলত ষ্ট্ৰেচ হৰমনৰ ক্ষৰণ আৰম্ভ হয়৷ যাৰ ফলত ৰক্ত শৰ্কৰাৰ মাত্ৰা বাঢ়িলে থাকে৷ সেয়ে শৰীৰচৰ্চাৰ লগতে ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ ৰাখিলে নিজকে পুষ্টিৰ যোগান দি থকা জৰুৰী৷