ৰক্তচাপ হঠাতে বাঢ়িছে বিপদ এৰাবলৈ কি কৰিব ?

0
14

ৰক্তচাপ বাঢ়ি যোৱাটো ভাল লক্ষণ নহয়৷ ইয়াৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা যথেষ্ট থাকে৷ যদি বুকুৰ ঢপঢপনি, মূৰ ঘূৰোৱা, বমি বমি ভাব, চকুৰে অন্ধকাৰ দেখা আদিৰ লগেত হাত-ভৰিৰ পেশী টানি ধৰা আদি অনুভৱ কৰে, তেনেহ’লে সতৰ্ক হোৱাৰ জৰুৰী৷ আপোনাৰ ৰক্তচাপ যদি হঠাতে বেছি হয়, তেনে অৱস্থাত ঘৰত ঔষধো মজুত নাথাকে, তেনে ক্ষেত্ৰত ঔষধ নাথাকিলেও চিন্তাৰ বিশেষ কাৰণ নাথাকে৷ সাময়িকভাৱে ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখি বিপদ আঁতৰাবলৈ কিছু পদ্ধতি জানি লওক৷
ৰক্তচাপ খুব সোনকালে নিয়ন্ত্ৰণত আনিবলৈ শ্বাসৰ ব্যায়ামেই আদৰ্শ৷ শান্ত হৈ বহি গভীৰভাৱে শ্বাস লওক৷ কিছু সময় উশাহ ধৰি ৰাখি লাহে লাহে এৰি দিব৷ এই গোটেই প্ৰক্ৰিয়াটো দহ-বিশ ছেকেণ্ডমান কৰিব৷ এই পদ্ধতিয়ে শৰীৰৰ পেৰাছিেম্পথেটিক স্নায়ুতন্ত্ৰক সক্ৰিয় কৰি তোলে৷ যাৰ ফলত অত্যধিক উত্তেজনা, অস্থিৰতা কমাই দিয়ে৷ হূৎস্পন্দনৰ হাৰো নিয়ন্ত্ৰণত থাকে৷
এই পৰিস্থিতিত খুব উপকাৰী পদ্ধতি হ’ল ঠাণ্ডা পানীত তিওৱা কাপোৰেৰে মুখষ ঘাৰ, কান্ধ মচিত দিব, শৰীৰৰ তাপমাত্ৰা নিয়ন্ত্ৰিত হয়৷ ইয়াৰ ফলত ৰক্তজালিকাবোৰৰ মাজত তেজ চলাচলত বাধাৰ আশংকা কমে৷ শৰীৰৰ অস্বস্তি আৰম্ভ হোৱাৰ আগতে যদি মুখ, কান্ধ, ভৰিৰ পতা ঠাণ্ডা পানীৰে ধোৱা হয়, তেনেহ’লে বিপদ বহুগুণে কমে৷
নেমুত প্ৰচুৰ পৰিমাণে পটেচিয়াম থাকে৷ চেনি আৰু নিমখ মিহলি নেমুৰ ৰস সেৱন কৰিলে শৰীৰৰ ৰক্তচাপ নিয়ন্ত্ৰণ থাকে৷ এক গ্লাছ পানীত আধা নেমুৰ ৰস মিহলাই খালে শৰীৰৰ পানী আৰু খনিজৰ অভাৱ পূৰণ হয়৷ নেমুত থকা এণ্টিঅক্সিডেণ্টে শৰীৰ শক্তিৰ যোগান ধৰে৷
অথবা এক গ্লাছ পানী লাহে লাহে খালেও উপকাৰ পাব পাৰে৷ বুকুৰ ধৰফৰণি হৈ ঘাম ওলালে, লগতে মূৰ ঘূৰোৱা লক্ষণে দেখা দিয়ে৷ এনে ক্ষেত্ৰত স্থিৰ হৈ বহি পানী সেৱন কৰক৷ ফলত তেজৰ চলাচল স্বাভাৱিক হয়৷ মনত ৰাখিব ভুলতো শীতল পানীয় বা ছ’ডা পানী নাখাব৷ ইয়াৰ ফলত হিতে বিপৰীতহে হ’ব৷
নহৰুত এলিছিন নামৰ এক যৌগ থাকে, যিয়ে তেজ চলাচল স্বাভাৱিক কৰে অথবা তেজ জমাত বাধা দিয়ে৷ আনহাতে তুলসীপাতৰ এণ্টিঅক্সিডেণ্ট শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ ইয়াৰ উপৰি তুলসী পাতৰ প্ৰদাহনাশক গুণো আছে৷ কেইটামান তুলসীৰ পাত পানীত ভিজাই চোবাই খালে শৰীৰৰ প্ৰদাহ খুব সোনকালে কমি যায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here