৭১ বছৰৰ পাছত দিল্লীত নৱেম্বৰ মাহত সৰ্বাধিক শীত

0
1892

সুদীৰ্ঘ ৭১ বছৰৰ পাছত দেশৰ ৰাজধানী দিল্লীত এইবাৰ নৱেম্বৰ মাহত নামিছে অত্যধিক শীত৷ এই কথা সদৰী কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে৷ সাধাৰণতে দিল্লীত নৱেম্বৰত গড় নিম্নতম তাপমাত্ৰা ১২.৯ ডিগ্ৰী চেলচিয়াছ হয় বুলি জনায় বতৰ বিজ্ঞান বিভাগে৷ কিন্তু এইবাৰ নৱেম্বৰ মাহত এই মাত্ৰা নিম্নগামী হৈ ১০.২ ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস পায়৷ ইয়াৰ আগতে ১৯৩১ চনত ৯ ডিগ্ৰী চেলচিয়াছ, ১৯৩০ চনত ৮.৯ আৰু ১৯৩৮ চনত ৯.৬ ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস পাইছিল৷ যোৱা ৩, ২০, ২৩, ২৪ নৱেম্বৰত নতুন দিল্লীত শীতপ্ৰবাহ হৈছিল৷ সেয়েহে তাপমাত্ৰা ১৫ ডিগ্ৰীৰ পৰা নিম্নগামী হৈ ১০.২ ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস পায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here