৬ জুনৰ পৰা ১৬ জুনলৈ ৰাজ্য চৰকাৰৰ নতুন এছ অ’ পি

0
1295
ৰাজ্যত ক্ৰমান্বয়ে কৰ’নাৰ সংক্ৰমণ হ্ৰাস পাইছে৷ কিন্তু কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাই এতিয়াও উদ্বিগ্ন কৰি ৰাখিছে সকলোকে৷ কৰ’নাৰ দ্বিতীয়টো ঢৌত (১ এপ্ৰিল–৩ জুন) এতিয়ালৈকে ৰাজ্যখনত মৃত্যু হৈছে ২,৪১৮জন লোকৰ৷ ইয়াৰ ভিতৰত যোৱা এটা পষেকতে (২০ মে’–৩ জুন) মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ১০৯০জন৷ এনে পৰিস্থিতিত ৰাজ্যৰ স্বাস্থ্য বিভাগে কৰ’নাত আক্ৰান্ত লোকসকলে যাতে সঠিক সময়ত চিকিৎসা লাভ কৰে তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও দৈনিক মৃত্যুৰ সংখ্যা এতিয়াও বিশেষ হ্ৰাস পোৱা নাই৷ ৰাজ্য চৰকাৰে ৬ জুনৰ পৰা ১৬ জুনলৈ কাৰ্যকৰী হোৱাকৈ নতুন নীতি-নিৰ্দেশ জাৰি কৰিছে৷ কৰ’নাৰ সংক্ৰমণ কিছু পৰিমাণে হ্ৰাস পোৱাৰ প্ৰতি লক্ষ্য ৰাখি মিনি লকডাউন কিছু শিথিল কৰা হৈছে৷ সেই অনুসৰি ৬ জুনৰ পুৱা পাঁচ বজাৰ  পৰা ১৬ জুনৰ পুৱা পাঁচ বজালৈকে প্ৰযোজ্য হ’বলগীয়া এই নতুন নিয়ম অনুসৰি এতিয়াৰে পৰা সান্ধ্য আইন বলৱৎ হ’ব দিনৰ এক বজাৰ পৰা পুৱা পাঁচ বজালৈকে৷ আনহাতে সকলো ব্যাৱসায়িক প্ৰতিষ্ঠান দিনৰ বাৰ বজাত বন্ধ কৰিব লাগিব৷ ৰেস্তোৰাঁ, ধাবা আদিত দিনৰ বাৰ বজালৈকে গ্ৰাহকসকলে বহি খাব পাৰিব ৷ ইয়াৰ পাছত গ্ৰাহকসকলে এক বজালৈকে খাদ্য ঘৰলৈ নিব পাৰিব যদিও দিনৰ এক বজাৰ পাছত  ৰেস্তোৰাঁ, ধাবাসমূহে গ্ৰাহকক খাদ্য হোম ডেলিভাৰীহে কৰিব পাৰিব৷ হোটেল বা ৰিজ’ৰ্টৰ ভিতৰত থকা ৰেস্তোৰাঁসমূহলৈ বাহিৰৰ গ্ৰাহকসকল দিনৰ বাৰ বজালৈকে আহিব পাৰিব৷ অৱশ্যে ইয়াৰ পাছত হোটেল, ৰিজৰ্টত থকা লোকসকলক ৰূমত খাদ্য যোগান ধৰিব পাৰিব৷ শীতলীকৰণ ভঁৰাল আৰু পণ্যাগাৰ দিনৰ বাৰ বজাৰ পাছতো খোলা ৰাখিব পাৰিব যদিও কোনো সামগ্ৰী বিক্ৰী কৰিব নোৱাৰিব তথা সংলগ্ন দোকানসমূহ বন্ধ ৰাখিব লাগিব৷ আনহাতে সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয় অহা ১৫ জুনলৈকে বন্ধ থাকিব৷ অৱশ্যে অত্যন্ত জৰুৰী কামত চৰকাৰী কাৰ্যালয়ৰ যুটীয়া সচিব আৰু তাতকৈ উচ্ছ পৰ্যায়ৰ বিষয়া আৰু বেচৰকাৰী কাৰ্যালয়ৰ মুখ্য বিষয়াসকল কাৰ্যালয়লৈ যাব পাৰিব৷ একেদৰে আন্তঃজিলা পৰিবহণ সেৱাও বন্ধ থাকিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here