৬০ বছৰতো যৌৱন অটুট থাকে এই মাছ খালে

0
2

কিছুমান এনে লোক আছে, যাৰ বয়স ৫০ পাৰ হোৱাৰ পাছতো তেনে লোকক ডেকা যেনেই লাগে৷ অৰ্থাৎ বয়স বাঢ়িলেও স্বাস্থ্য দেখিলে বয়স বেছি যেন নেদেখি৷ তেনে লোকে স্বাস্থ্যৰ ক্ষেত্ৰত সঠিক নিয়ম মানি চলাৰ বাবে বয়স হ’লেও বুঢ়া যেন নালাগে৷ আনহাতে এনে কিছুও লোক আছে, যিসকলক কম বয়সতে শৰীৰত বুঢ়াৰ আঁচোৰ পৰে৷ ২০ বছৰীয়া সফল ডেকাজনকো ৬০ বছৰীয়া যেন দেখি৷ ইয়াৰ একমাত্ৰ কাৰণ হ’ল শৰীৰৰ সঠিকভাৱে যতন নোলোৱা৷ বাৰু যিয়েই নহওক, আমাৰ খাদ্য প্ৰণালীত এনে কিছু খাদ্য আছে, যিবোৰ সঠিকভাৱে গ্ৰহণ কৰিলে বয়স বাঢ়িলেও শৰীৰৰ বুঢ়া হোৱাৰ আচোৰ নপৰে৷ এনেবোৰ খাদ্যই দূৰ কৰিব পাৰে৷ এনে কিছুমান মাছ খালে ৬০ বছৰতো যৌৱন খেল দেখিবলৈ পোৱা যায়৷ সঠিক ডায়েট মানি চলিলে বহু বছৰলৈ বয়সত যৌৱন ধৰি ৰাখিব পাৰি৷ আমি জানো যে খাদ্যৰ জৰিয়তে শৰীৰৰ কোলাজন ঠিক কৰা হয়৷ আমি দৈনিক খোৱা খাদ্যবোৰে শৰীৰত কোলাজন বঢ়াই দিয়ে৷ কোলাজেন বিভিন্ন খাদ্যত পোৱা যায়৷ এই খাদ্যসমূহৰ ভিতৰত অন্যতম হ’ল মাছ৷ বিভিন্ন প্ৰকাৰৰ মাছে কোলাজেন বৃদ্ধিত সহায় কৰে৷ বিশেষকৈ সামুদ্ৰিক মাছ এই ক্ষেত্ৰত বেছি উপকাৰী৷ সামুদ্ৰিক মাছত কোলাজেনৰ উপৰি ওমেগা থ্ৰী ফেটি এচিড থাকে, যি আমাৰ স্বাস্থ্যৰ কাৰণে অত্যন্ত উপকাৰী৷ ইয়াৰ উপৰি ৰৌ, ভকুৱা আদি মাছ খালেও কোলাজেন পোৱা যায়৷ এইধৰণৰ মাছ ছালৰ বাবে খুব উপকাৰী৷ আনহাতে মাংসও কোলাজেনৰ ভাল উৎস৷ বিশেষকৈ ছালৰ কাৰণে৷ মাছ আৰু মাংসৰ বাহিৰে কণীৰ বগা অংশত যথেষ্ট পৰিমাণে কোলাজেন পোৱা যায়৷ এইবোৰ খাদ্যই যৌৱন ধৰি ৰখাত সহায় কৰে৷ ইয়াৰ উপৰি বিভিন্ন প্ৰকাৰৰ সেউজীয়া পাচলি, বাদাম, আমলখি, কমলা নেমু, ষ্ট্ৰবেৰি আদিৰ দৰে ফলতো কোলাজেন পোৱা যায়, যিবোৰে স্বাস্থ্যৰক্ষাত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here