৫০ বছৰতো ২০ বছৰীয়া দেখিবলৈ কৰক হাইড্ৰা ফেচিয়েল

0
10

৫০ বছৰ বয়সতো আপোনাক ২০ বছৰীয়া চফল যেন দেখিব৷ তাৰ বাবে মুখৰ যতন লওক হাইড্ৰা ফেচিয়েলেৰে৷ সাধাৰণতে ৩৫ বছৰৰ পাছত পুৰুষ মহিলা উভয়ৰে মুখমণ্ডল বা ছালখনত ইলাষ্টিচিটি কমিবলৈ আৰম্ভ কৰে আৰু বাৰ্ধক্যজনিত প্ৰভাৱ পৰিবলৈ ধৰে৷ কিন্তু আপুনি যদি ঘৰত বহিয়েই ঘৰুৱাভাৱে ছালখনৰ যতন লয়, তেনেহ’লে আপোনাৰ ছালৰ স্থিতিস্থাপকতা বজাই থাকে আৰু বুঢ়া হ’লেও ছালত বাৰ্ধক্যৰ চিন ধৰা নপৰে৷ মুখৰ উজ্জ্বলতা সঠিকভাৱে থাকে এইদৰে ছালৰ যত্নৰ ফলত৷ ছালখনৰ উজ্জ্বলতা তথা ছালৰ নমনীয়তা বৰ্তাই ৰাখিবলৈ পাৰ্লাৰলৈ যোৱাৰ পৰিৱৰ্তে ঘৰুৱাভাৱে এইদৰে যতন লওক আৰু এই সকলো সম্ভৱ হাইড্ৰা ফেচিয়েলৰ জৰিয়তে৷ ঘৰতে পোৱা কিছুমান সামগ্ৰীৰে ছালৰ ফেচিয়েল কৰিব পাৰে৷ মুখখন পৰিষ্কাৰ কৰি ৰাখিবলৈ প্ৰথমে এটা পাত্ৰত দুচামুচ ওটচ পাউডাৰ, তিনি চামুচ গাখীৰ আৰু দুচামুচ গ্লিচাৰিন লওক৷ এই সকলো উপাদান ভালদৰে মিশ্ৰণ কৰি সম্পূৰ্ণ হোৱাৰ পাছত এই মিশ্ৰণটোৰে ভালদৰে মুখত মাছাজ কৰিব৷ পোন্ধৰ মিনিটমান ৰখাৰ পাছত পৰিষ্কাৰ পানীৰে মুখখন ভালদৰে ধুই দিব৷ আন এটা পদ্ধতি মতে এটা পাত্ৰত দুচামুচ দৈ আৰু সামান্য পৰিমাণৰ বিটৰুটৰ ৰস মিহলাই সেই মিশ্ৰণটোৰে মুখখনত ভালদৰে মাছাজ কৰক৷ এই মিশ্ৰণটোৰ লগত আপুনি বিচাৰিছে গ্লিচাৰিন অলপো মিহলাব পাৰে৷ এটা পাত্ৰত মুলতানি মাটি, বেচন আৰু কেঁচা আলুৰ ৰস মিহলাই এটা মিশ্ৰণ তৈয়াৰ কৰক৷ ইয়াৰ আধা চামুচ গ্লিচাৰিন আৰু গাখীৰো মিহলাও পাৰে৷ এতিয়া এই মিশ্ৰণটোৰে মুখখনত ভালদৰে মাছাজ কৰি কিছু সময় পাছত পৰিষ্কাৰ পানীৰে ধুই দিব৷ আপোনাৰ মুখখনৰ উজ্জ্বলতা, সজীৱতা দুগুণে বৃদ্ধি পাব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here