৪০ৰ পাছত কিছুমান ব্যায়াম নকৰিব তেনেহ’লে কিহত গুৰুত্ব দিব?

0
3

আমাৰ বয়স বঢ়াৰ লগে লগে শৰীৰৰ অংগবোৰৰো কাৰ্যক্ষমতা তথা শক্তি কমি আহিবলৈ ধৰে৷ তেনে অৱস্থাত শৰাীৰে সকলো সহ্য কৰাত অসমৰ্থ হয়৷ বিশেষকৈ যিসকলে বছৰ বছৰ ধৰি গুৰু ব্যায়াম, জিমত ৱেইট লিফটিং কৰা আদি ব্যায়াম কৰে, তেওঁলোকে পৰ্যায়ক্ৰমে এইধৰণৰ গুৰু ব্যায়াম কমাই একেবাৰে সাধাৰণ ব্যায়াম কৰাত মনোনিৱেশ দিয়া উচিত৷ শৰীৰচৰ্চাবিদে জানিবলৈ দিয়ে যে সকলো বয়সৰ কাৰণে সকলো ব্যায়াম স্বাস্থ্য উপযোগী নহয়৷ চল্লিছৰ পাছত বিশেষকৈ মহিলাসকলে সতৰ্ক হোৱা উচিত৷ বিশেষকৈ চল্লিছৰ পাছত কাৰ্ডিঅ’ এক্সাৰছাইজ নকৰাই ভাল৷ সাধাৰণতে ব্ৰিস্ক ৱাকিং অৰ্থাৎ জোৰে খোজকঢ়া, দৌৰা. চাইকেল চলোৱা, স্কিপিং কিছুমান বিশেষ ধৰণৰ এৰোবিক্সককোৱা হয় কাৰ্ডিঅ’ এক্সাৰছাইড৷ অৰ্থাৎ এইধৰণৰ শৰীৰচৰ্চাই হৃদস্পন্দন বৃদ্ধি কৰে৷ এইবোৰ ব্যায়াম কৰিলে শৰীৰে অত্যন্ত ক্লান্তি অনুভৱ কৰে৷ সেয়ে বয়স অনুযায়ী অৰ্থাৎ চল্লিছ বছৰৰ পাছত এই ব্যায়াম নকৰাই ভাল৷ কাৰণ মধ্যবয়সত অতিৰিক্ত ক্লান্তিবোধৰ পৰা মানসিক চাপৰো সৃষ্টি হ’ব পাৰে৷ আনকি ষ্ট্ৰেচ ৰেচপন্সৰ পৰা শৰীৰৰ ওজন কমাৰ পৰিৱৰ্তে ওজন বৃদ্ধিহে হ’ব পাৰে৷ আনহাতে প্ৰত্যেকৰ শৰীৰৰ ধৰণৰ পৃথক৷ সেয়ে কাৰ কাৰণে কি ধৰণৰ ব্যায়াম কৰা উপযুক্ত সেয়া ফিটনেছ প্ৰশিক্ষকৰ পৰা পৰামৰ্শৰ লোৱা জৰুৰী৷ আনহাতে শৰীৰচৰ্চাৰ পৰিমাণতকৈ তাৰ ধাৰাবাহিকতাত বেছি গুৰুত্ব দিয়া প্ৰয়োজন৷ সকলোতকৈ ডাঙৰ কথা মুকলিমূৰীয়াভাৱে, হাঁহি-স্ফূৰ্তিৰে, আনন্দ মনে থকাৰ অভ্যাস কৰক, ভালে থাকক, যি কৰে ভালকৈ কৰাৰ যত্ন কৰক৷ তেতিয়া নিজৰ স্বাস্থ্যও সবল হৈ থাকিব৷ টেনিছ খেলা, পাইলেটছ, যোগাসন আদি নিয়মিতভাৱে কৰাৰ অভ্যাস কৰক৷ মনত ৰাখিব ৱেট ট্ৰেনিং কেতিয়াও বাদ নিদিব৷ আমি জানো যে পেশী হ’ল শৰীৰটোৰ বাবে ভগৱান৷ আৰু বয়স বঢ়াৰ লগে লগে সকলোতকৈ পেশীৰ বেছি যত্ন লোৱা উচিত৷ ৱেট ট্ৰেনিং তাৰ বাবে সকলোতকৈ জৰুৰী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here