৩০ হাজাৰ নতুন ভাইৰাছৰসন্ধান লাভ বিজ্ঞানীৰ

0
218


বিজ্ঞানীসকলে ৩০ হাজাৰ নতুন ভাইৰাছৰ সন্ধান লাভ কৰিছে৷ এই ভাইৰাছবোৰ এককোষী অণুজীৱৰ ডি এন এত লুকাই আছে৷ এটা অণুজীৱ অতি ক্ষুদ্ৰ আৰু তাৰ ডি এন এ তাতোকৈও সৰু৷ ইমান ক্ষুদ্ৰাতিক্ষুদ্ৰ ডি এন এত এই ভাইৰাছবোৰ লুকাই আছে৷ অষ্ট্ৰিয়াৰ ইন্‌ছব্ৰক বিশ্ববিদ্যালয়ৰ ইক’লজিষ্ট ক্ৰিষ্টোফাৰ বেলাছে কয় যে আমি ৩০ হাজাৰ নতুন ভাইৰাছৰ সন্ধান লাভ কৰাৰ পাছত আচৰিত হৈ পৰিছোঁ৷ এই ভাইৰাছবোৰ অণুজীৱৰ ডি এন এন লুকাই আছিল৷ কিছুমান অণুজীৱৰ ডি এন এৰ অধিকাংশ ভাইৰাছ৷ আন কথাত এই ভাইৰাছবোৰ এককোষী অণুজীৱক খাই আৰু অধিক ভাইৰাছৰ সৃষ্টি কৰিব পাৰে৷ ক্ৰিষ্টোফাৰে লগতে কয় যে অণুজীৱৰ ডি এন এত ইমান ভাইৰাছ ক’ৰপৰা আহিল সেইটো এতিয়াও স্পষ্ট হোৱা নাই৷ আন এক সূত্ৰ মতে এই ভাইৰাছবোৰে এককোষী অণুজীৱক আন ভাইৰাছৰ পৰা ৰক্ষা কৰে৷ এই ভাইৰাছবোৰে ভিন্ন ভিন্ন ধৰণেৰে ভিন্ন ভিন্ন জীৱক সংক্ৰমিত কৰে৷ ইয়াৰে একাংশই আনকি নিজে খোপনি পুতি থকা কোষৰ ভিতৰত প্ৰৱেশ কৰি ইয়াৰ জিনম সলনি কৰি পেলায়৷ অৱশ্যে এইবিলাকে মানুহৰ বাবে কোনো ভাবুকিৰ সৃষ্টি নকৰে বুলি ক্ৰিষ্টোফাৰে জানিবলৈ দিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here