৩০ বছৰ গৱেষণাৰ পাছত বিশেষ ডায়েটৰ ৰহস্য প্ৰকাশ

0
1

হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষকে এনে এখন ডায়েটৰ তালিকা কথা উল্লেখ কৰিছে, যিখন খাদ্য তালিকা মানি চলিলে ওজন কমাৰ লগতে শৰীৰ নিৰোগী হিচাপে জীয়াই থাকিব পাৰিব৷ ৩০ বছৰ ধৰি কৰা গৱেষণাৰ অন্তত এনে এক ডায়েটৰ ৰহস্য ফাদিল কৰিলে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষকে৷ নেচাৰ মেডিচিন জাৰ্নালত এই গৱেষণাৰ খবৰ প্ৰকাশিত হৈছে৷ প্ৰায় এক লাখ মানুহৰ ওপৰত ত্ৰিছ বছৰ ধৰি পৰীক্ষা চলাই শেষত গৱেষকে নিশ্চিতভাৱে দেখিবলৈ পাইছে যে যিসকলে এই ডায়েট মানি চলিছে, তেওঁলোকে সত্তৰ বছৰ ধৰি সুস্থ শৰীৰে জীয়াই থাকিবলৈ সক্ষম হৈছে৷ এই সময়ত অসুখ-বিসুখে কেতিয়াও স্পৰ্শ কৰা নাই৷ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষকে এনেধৰণৰ ডায়েটক কথা উল্লেখ কৰিছে৷ যাৰ ভিতৰত অতি সহজটো হ’ল অলটাৰনেটিভ হেলডি ইটিং ইনডেক্স চমুকৈ এ এইচ ই আই৷ দাবী কৰা হৈছে, এই ডায়েট মানি চলিলে ক্ৰনিক অসুখৰ পৰা সম্পূৰ্ণ ৰেহাই পাব৷ ঠিক যেনেদৰে ব্লু জ’ন এলেকাৰ বাসিন্দাই বিশেষ একধৰণৰ ডায়েট কৰে, ঠিক তেনেকুৱা৷ উল্লেখ্য যে জাপানৰ ওকিনাওৱা, ইটালিৰ চাৰ্ডিনিয়া, কোষ্টাৰিকাৰ নিকোইয়া, গ্ৰীচৰ ইকাৰিয়া আৰু কেলিফৰ্নিয়াৰ লোমা লিণ্ডা এই পাঁচখন ঠাই হ’ল বিশ্বৰ ব্লু জ’ন৷ ছিংগাপুৰ এই তালিকাত নৱতম সংযোজন৷ জীৱন ধাৰণ সম্পৰ্কে ভীষণ সচেতন এই অঞ্চলৰ বাসিন্দা৷ হাৰ্ভাৰ্ডৰ গৱেষক ফাংক হুই জনাইছে যে এই ডায়েট উদ্ভিজ খাদ্যৰ ওপৰত বেছিকৈ জোৰ দিয়া হয়৷ দৈনিক খাদ্য তালিকাত বিভিন্ন ধৰণৰ শস্য, সেউজীয়া শাক-পাচলি, সতেজ ফল-মূল, বাদাম, বীজ আদি৷ চেনি, পেকেটজাত খাদ্য, প্ৰক্ৰিয়াজাত আদি খাদ্য আৰু এলকহল একেবাৰে এৰাই চলিব লাগে৷ এটা সময়তে পেটভৰ্তি কৰি খোৱাৰ পৰিৱৰ্তে দিনটো অলপ অলপকৈ খাদ্য গ্ৰহণ প্ৰক্ৰিয়া এই ডায়েটত আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here