২৪ বছৰে আন খাদ্য খোৱা নাই নাৰিকলৰ পানীয়েই যাৰ প্ৰাণশক্তি !

0
630

মানুহে নিজৰ শৰীৰটো সুস্থ তথা আটিল কৰি ৰাখিবলৈ বিভিন্ন উপায় অৱলম্বন কৰে৷ আনকি খোৱা-বোৱাৰ ক্ষেত্ৰতো বেছ সতৰ্কতা অৱলম্বন কৰে৷ নিয়মীয়াকৈ ব্যায়াম, অনুশীলন কৰা, সময়মতে খাদ্য খোৱা ইত্যাদি ৰুটিনমাফিক চলে৷ কিন্তু এইধৰণৰ নিয়মমাফিক ৰুটিনৰ বাদ দি কেৱল নাৰিকলৰ পানী সেৱন কৰি জীয়াই থাকিব পাৰে বুলি আপুনি ভাবেনে? আপুনি সেই কথা সপোনতো ভাবিব নোৱাৰে৷ কিন্তু এটা খবৰে আপোনাক আচৰিত কৰিব৷ এইখন ভাৰততে এনেকুৱা মানুহো আছে, যি কেৱল নাৰিকলাৰ পানী সেৱন কৰিয়েই জীয়াই আছে; তাকো এবছৰ দুবছৰ নহয়, সুদীৰ্ঘ ২৪টা বছৰ৷ এইদৰে দীৰ্ঘকাল নাৰিকলৰ পানী সেৱন কৰা লোকজন বৰ্তমানো সুস্বাস্থ্যৰ অধিকাৰী আৰু বৃদ্ধ হোৱা সত্ত্বেও তেওঁৰ মুখত উজ্জ্বলতা বিৰাজমান৷ নিজৰ স্বাস্থ্যক লৈ তেওঁ যথেষ্ট সুখী৷ এই অসাধাৰণ ব্যক্তিজনৰ নাম হ’ল ৬১ বছৰীয়া বালাকৃষ্ণণ৷ বালাকৃষ্ণণে যোৱা ২৪ বছৰে কেৱল নাৰিকলৰ পানী সেৱন কৰি জীয়াই আছে৷ অভিনেত্ৰী তথা ইনফ্লুৱেঞ্জাৰ শ্বেহনাজ ট্ৰেজৰীয়ে অলপতে বালাকৃষ্ণণৰ ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে৷ তেওঁ লিখে– বালাকৃষ্ণণ আৰু তেওঁৰ সুস্বাস্থ্যৰ প্ৰতি শ্ৰদ্ধা প্ৰকাশ কৰিছোঁ৷ মই এই কথা জানি আচৰিত হৈছোঁ যে তেওঁৰ শৰীৰে প্ৰ’টিন ক’ৰপৰা লাভ কৰিছে৷ তেওঁ লগতে উল্লেখ কৰে যে বালকৃষ্ণণ এতিয়া সুস্বাস্থ্যৰ অধিকাৰী আৰু এতিয়াৰ দৰে তেওঁৰ স্বাস্থ্য পূৰ্বতে নাছিল৷ আগতে বালকৃষ্ণণে পেটৰ সমস্যাত ভুগিছিল আৰু তাৰ পাছতে তেওঁ নাৰিকলৰ পানী সেৱন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ আনহাতে বালাকৃষ্ণণে প্ৰকাশ কৰা মতে নাৰিকলৰ পানী সেৱন কৰাৰ পাছৰ পৰাই তেওঁৰ স্বাস্থ্যৰ উন্নতি হ’বলৈ ধৰে এতিয়া তেওঁ সম্পূৰ্ণ সুস্থ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here