২০ হাজাৰ বছৰলৈ বিদ্যুতৰ অভাৱ নহয় : ক’ত?

0
471


সমগ্ৰ বিশ্বতে শক্তিৰ চাহিদা বৃদ্ধি পোৱাৰ সময়তে চীনে থৰিয়ামেৰে চলাব পৰা পাৰমাণৱিক ৰিয়েক্টৰৰ অনুমতি দিয়ে৷ এই ৰিয়েক্টৰটো গোবী মৰুভূমিত স্থাপন কৰা হ’ব৷ গোবী মৰুভূমিত থৰিয়ামৰ ইমানেই বিশাল ভাণ্ডাৰ আছে যে চীনত ২০ হাজাৰ বছৰলৈ বিদ্যুতৰ অভাৱ নহ’ব৷ থৰিয়ামেৰে চলিবলগীয়া ৰিয়েক্টৰৰ সুবিধা হ’ল অধিক সুৰক্ষিত আৰু ইয়াৰ পৰা কম পৰিমাণৰ আৱৰ্জনা ওলায়৷ চীনে ইয়াৰ জৰিয়তে সহজে প্ৰদূষণমুক্ত আৰু সুৰক্ষিত শক্তি উৎপাদন কৰিব পাৰিব৷ উল্লেখ্য যে চীনত ইউৰেনিয়ামৰ তুলনাত থৰিয়াম অধিক মাত্ৰাত পোৱা যায়৷ বৰ্তমানৰ ৰিয়েক্টৰটোৰ জৰিয়তে অৱশ্যে ২ মেগাৱাট বিদ্যুতহে উৎপাদন কৰিব পৰা যাব৷ এই ৰিয়েক্টৰটোৱে দহ বছৰৰ বাবে ছাইনীজ একাডেমি অব্‌ ছায়েন্সেজে অনুমতি লাভ কৰিছে৷ ইয়াত তৰল ইন্ধন ব্যৱহাৰ কৰা হ’ব৷ দেশখনে প্ৰথমে থৰিয়াম ৰিয়েক্টৰৰ জৰিয়তে ২ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিব যদিও পাছলৈ ইয়াৰ সামৰ্থ্য অধিক বৃদ্ধি কৰা হ’ব৷ মন কৰিবলগীয়া যে থৰিয়াম ৰিয়েক্টৰ নিৰ্মাণ কৰাত চীন প্ৰথম নহয়, ইয়াৰ আগতে ভাৰতেও থৰিয়ামেৰে চলাব পৰা প্ৰকল্প স্থাপন কৰিছিল৷ ভৱানী নামৰ এই প্ৰকল্পটোক ইউৰেনিয়াম ২৩৩ ব্যৱহাৰ কৰিছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here