২০২৩ৰ জুন-আগষ্ট আছিল এতিয়ালৈকেপৃথিৱীৰ আটাইতকৈ বেছি গৰমৰ সময়

0
235


আমেৰিকাৰ মহাকাশ সংস্থা নাছা আৰু নেশ্যনেল অছেনিক এণ্ড এটম’স্ফেৰিক এডমিনিষ্ট্ৰেশ্যনে [এম অ’ এ এ] কয় যে এই বছৰৰ জুন-আগষ্টৰ সময়ছোৱা এতিয়ালৈকে পৃথিৱীৰ আটাইতকৈ বেছি গৰমৰ সময় আছিল৷ ইয়াৰ আগতে জুন-আগষ্টৰ সময়ছোৱাত ইমান বেছি গৰম পৰাৰ ৰেকৰ্ড নাই৷ তদুপৰি এই তিনি মাহ উত্তৰ গোলাৰ্ধৰ আটাইতকৈ বেছি গ্ৰীষ্মকাল আৰু দক্ষিণ গোলাৰ্ধৰ আটাইতকৈ গৰমৰ শীতকাল আছিল৷ নাছাৰ ৰেকৰ্ডত থকা পূৰ্বৰ যিকোনো গ্ৰীষ্মকালতকৈ এই বছৰৰ জুন, জুলাই আৰু আগষ্ট ০.২৩ ডিগ্ৰী চেলছিয়াছ বেছি গৰমৰ মাহ আছিল আৰু ১৯৫১ চনৰ পৰা ১৯৮০ চনৰ ভিতৰৰ গ্ৰীষ্মকালৰ গড় উষ্ণতাতকৈ ১.২ ডিগ্ৰী চেলছিয়াছ বেছি আছিল৷ তদুপৰি আগষ্ট মাহৰ উষ্ণতা সচৰাচৰ উষ্ণতাতকৈ ১.২ ডিগ্ৰী চেলছিয়াছ বেছি আছিল৷ মন কৰিবলগীয়া যে উত্তৰ গোলাৰ্ধত জুনৰ পৰা আগষ্টলৈ গ্ৰীষ্মকাল৷ নাছাৰ প্ৰশাসক বিল নেলছনে এটা বিবৃতিত কয় যে ২০২৩ চনৰ অভিলেখ সৃষ্টিকাৰী গৰমৰ পৰিণাম সমগ্ৰ বিশ্বত দেখিবলৈ পোৱা গৈছে৷ আৰিজোনা আৰু সমগ্ৰ আমেৰিকাত প্ৰচণ্ড গৰম, কানাডাত বনজুই, ইউৰোপ আৰু এছিয়াত প্ৰবল বান– এই সকলো উষ্ণতা বৃদ্ধিৰ ফল৷ বতৰৰ চৰম বা সীমা চেৰাই যোৱা অৱস্থাই সমগ্ৰ বিশ্বত মানুহৰ জীৱন আৰু জীৱিকাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে৷ আনহাতে পৰিৱেশ সম্পৰ্কীয় অধ্যয়ন আৰু বিশ্লেষণ কৰা প্ৰতিষ্ঠান আমেৰিকাৰ বাৰ্কলে আৰ্থে কয় যে আগষ্ট মাহত ৬৫খন দেশজুৰি থকা পৃথিৱীৰ স্থলভাগৰ ১৩ শতাংশত অভিলেখ সৃষ্টিকাৰী গৰম পৰে৷ আনহাতে বিশ্বৰ বাকী অংশত ১৯৫১–১৯৮০ চনৰ গড় উষ্ণতাৰ তুলনাত আগষ্টত উষ্ণতা যথেষ্ট বাঢ়ে৷ প্ৰতিষ্ঠানটোৱে কয় যে ১৯৫০ চনত উষ্ণতা ৰেকৰ্ড কৰা আৰম্ভ হোৱাৰ পৰা এই বছৰৰ আগষ্ট মাহটোৱেই আটাইতকৈ বেছি গৰমৰ মাহ আছিল৷ ভাৰতৰ কিছুমান অংশ, জাপান, উত্তৰ আটলাণ্টিক, পূব বিষুৱীয় প্ৰশান্ত মহাসাগৰীয় অঞ্চল, উত্তৰ-দক্ষিণ আমেৰিকা, মধ্য আমেৰিকা, আফ্ৰিকাৰ অংশবিশেষ আৰু মধ্য প্ৰাচ্যত উষ্ণতা আটাইতকৈ বেছি হৈছিল৷ বাৰ্কলে আৰ্থে কয় যে আগষ্ট মাহত বিশ্বৰ তাপমাত্ৰা ১৮৫০–১৯০০ চনৰ ভিতৰৰ গড় তাপমাত্ৰাতকৈ ১.৬৮ ডিগ্ৰী চেলছিয়াছ বেছি আছিল৷ এই বছৰৰ আগষ্টৰ উষ্ণতাই ২০১৬ চনৰ আগষ্টৰ উষ্ণতা ০.৩১ ডিগ্ৰী চেলছিয়াছ বৃদ্ধিৰ অভিলেখ ভংগ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here