তেজৰ নতুন গ্ৰুপৰ সন্ধান পালে বিজ্ঞানীয়ে৷ কেৰিবিয়ান দ্বীপপুঞ্জৰ গুৱাদেলুপৰ এগৰাকী ফৰাচী মহিলা আপাততঃ এই নতুন তেজৰ গ্ৰুপৰ একমাত্ৰ ধাৰক৷ ফ্ৰান্সৰ ৰক্ত সৰবৰাহকাৰী সংস্থাই এই কথা প্ৰকাশ কৰিছে৷ তেজৰ এই নতুন গ্ৰুপৰ নাম গোৱাদা নিগেটিভ৷ ফ্ৰান্সৰ জাতীয় ৰক্ত পৰিসেৱা ব্যৱস্থাৰ ফালৰ পৰা জনা মতে প্ৰায় পোন্ধৰ বছৰৰ আগতে এইগৰাকী ফৰাচী মহিলাৰ এটা অস্ত্ৰোপচাৰ হয়৷ তেওঁ তেতিয়া পেৰিচত আছিল৷ তেতিয়া মহিলাগৰাকীৰ বয়স আছিল ৫৪ বছৰ৷ অস্ত্ৰোপচাৰৰ আগতে তেজ পৰীক্ষা কৰাত তেজৰ নতুন নমুনা পাইছিল গৱেষকে৷ ২০১১ চনত মহিলাগৰাকীৰ পৰীক্ষাৰ সময়ত ইয়াত অস্বাভাৱিক এণ্টিবডীৰ পাইছিল৷ কিন্তু তেতিয়া এই গৱেষণাৰ বাবে পৰিকাথামো নাছিল৷ ২০২৯ চনত বিজ্ঞানীয়ে এই ৰহস্যৰ ভেদ ভাঙে৷ ডি এন এ চিকুয়েন্সি কৰি ৰহস্য উদ্ঘাটন কৰে৷ বিশেষজ্ঞই জনায় যে আপাততঃ এই মহিলাগৰাকীয়ে হ’ল পৃথিৱীৰ গোৱাদা নিগেটিভ তেজৰ গ্ৰুপৰ একমাত্ৰ ধাৰক৷ তেওঁৰ জিনৰ মিউটেশ্যন ঘটি বুলি জনাইছে বিজ্ঞানীয়ে৷ পাছত পৰীক্ষাৰ অন্তত ই এফ এছে জনায় যে এইটো পৃথিৱীৰ ৪৮ সংখ্যক তেজৰ গ্ৰুপ ছিষ্টেম৷ বিগত জুনত ইয়াক ইণ্টাৰনেশ্যনেল ছ’চাইটি অব ব্লাড ট্ৰান্সফিউশ্যন বা আই এছ বি টিয়ে স্বীকৃতি দিয়ে৷