১৫৬ বিধ ক্ষতিকাৰক ঔষধ নিষিদ্ধ কেন্দ্ৰীয় চৰকাৰৰ

0
33

স্বাস্থ্যৰ প্ৰতি সম্ভাব্য বিপদৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে দেশত বহুলভাৱে ব্যৱহাৰ হৈ থকা ১৫৪ বিধ ঔষধ নিষিদ্ধ ঘোষণা কৰিছে৷ কম্বিনেশ্যন ড্ৰাগ ৰূপে পৰিচিত এই ঔষধবোৰ পেইনকিলাৰ, মাল্টি ভিটামিন আৰু এণ্টিবায়’টিক হিচাপে জ্বৰ আৰু পানী লগাকে ধৰি বিভিন্ন সৰু সুৰা ৰোগত ব্যৱহাৰ কৰি থকা হয়৷ উল্লেখ্য যে মাত্ৰ এটা পিল বা টেবলেটত একাধিক ঔষধ থাকিলে তাক কম্বিনেশ্যন ড্ৰাগ বোলা হয়৷ চুলিৰ চিকিৎসা বা চুলিৰ সৌন্দৰ্য বৃদ্ধি, এণ্টিপোচাইটিক, এণ্টিএলাৰ্জিক, স্কিন কেয়াৰ আদি হিচাপে এনেবোৰ ঔষধ ব্যৱহাৰ কৰা হয়৷ ড্ৰাগছ টেকনিকেল এডভাইজৰি ব’ৰ্ডৰ পৰামৰ্শ মতে চৰকাৰে ২১ আগষ্টত প্ৰকাশ কৰা এখন অধিসূচনাত কয় যে এমালেইজ, প্ৰটিয়েজ, গ্লুকজ এমাইলেজ, পেক্টিনেজ, আলফা গেলেক্টচাইডেজ, লেক্ট’জ, বেটা গ্লুকনেজ, চেলুলেজ, লিপাজে, ব্ৰমেলেইন, জাইলানেজ, হেমিচেলুলেজ, মল্ট ডায়েষ্টেট, ইনভাৰ্টেজ, পেপেইনৰ ফিক্সড ড’জ কম্বিনেশ্যনৰ কাৰণে মানুহৰ স্বাস্থ্যৰ প্ৰতি বিপদ আহিব পাৰে৷ অথচ সেইবোৰৰ বিকল্প ঔষধ পৰ্যাপ্ত আছে আৰু সহজলভ্য৷ উদাহৰণস্বৰূপে নাক সোপা মাৰি ধৰিলে ব্যৱহাৰ কৰা নেজেল স্প্ৰে’ বা নেজেল ডিকজেষ্টেট, পেৰাছিটামল আদিত থকা এণ্টি এলাৰ্জিক ঔষধ৷ শালমইনা ক্ৰিম বা আয়’ডিন ছলুশ্যনত থকা কম্বিনেশ্যন আদি৷ কেন্দ্ৰীয় চৰকাৰে নিযুক্তি দিয়া এখন বিশেষজ্ঞ সমিতিয়ে বিষয়টো পৰীক্ষা কৰাৰ পাছতে চৰকাৰে এই ঔষধবোৰ নিষিদ্ধ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here