১২ জুলাই, ২০৩৮পৃথিৱীৰ শেষ দিন ?!

0
85

আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ এটা কাল্পনিকটেবিলটপ এক্সাৰছাইড ৰিপ’ৰ্টত এক আ(ৰ্যজনক কথা প্ৰকাশ পাইছে৷ এটা বিপজ্জনক গ্ৰহাণুৱে পৃথিৱীত আঘাত হনাৰ সম্ভাৱনাই দেখা দিছে৷ এই বিশালাকাৰ গ্ৰহাণুটোৰ পৃথিৱীৰ সৈতে ৭২ শতাংশ সংঘৰ্ষৰ সম্ভাৱনা আছে৷ এই কথা জনাইছে নাছাই৷ উল্লেখ্য যে এই অজানা গ্ৰহাণুটো অনাগত ১৪ বছৰৰ ভিতৰত পৃথিৱীৰ দিশে অহাৰ সম্ভাৱনা আছে৷ সেই হিচাপ অনুসৰি নাছাৰ এক ৰিপ’ৰ্টত উল্লিখিত তাৰিখ অনুযায়ী গ্ৰহাণুটোৰ সৈতে পৃথিৱীৰ সংঘৰ্ষৰ তাৰিখ হ’ব পাৰে ১২ জুলাই, ২০৩৮৷ আৰু পৃথিৱীৰ বৃহৎ ক্ষতি হ’ব ।নাছাৰ এক অফিচিয়েল তথ্য মতে এপ্ৰিল মাহৰ নাগাদ প্লেনেটৰি ডিফেন্স ইণ্টাৰনেশ্যনেল টেবলটপ এক্সাৰছাইজ পৰিচালনা কৰে৷ নাছাৰ জনছ হপকিন্স এপ্লাইড ফিজিক্স লেবৰেটৰিত ১০০ জন বিশেষজ্ঞৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানত এই কথা জনাইছে৷ এনে কিছু গ্ৰহাণু আছে, যিবোৰ আগতে চিনাক্ত কৰা সম্ভৱ নহয়, সেইবোৰ গ্ৰহাণুক লৈ চৰ্চাৰ বাবে এই অনুশীলন বুলি সদৰী কৰিছে৷ উক্ত প্ৰতিবেদনত আৰু কোৱা হৈছে যে এই সমগ্ৰ অনুশীলন পৃথিৱীৰ ক্ষমতা জনাৰ বাবে কৰা হৈছে৷ সম্ভৱতঃ এইটোৱে একমাত্ৰ প্ৰাকৃতিক দুৰ্যোগ, যাক লৈ মানুহৰ ওচৰত ভৱিষ্যদ্বাণী কৰাৰ প্ৰযুক্তি আছে৷ সেয়ে মানুহে ইয়াৰ প্ৰতিৰোধ কৰাৰ কাৰণে এটা প্ৰযুক্তিগত উপায় উলিওৱাৰ চেষ্টা কৰিব পাৰে৷ এইটো আছিল নাছাৰ ডাৰ্ট মিছনৰ ডেটা ব্যৱহাৰ কৰাৰ বাবে প্ৰথম অনুশীলন৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here