মাত্ৰ এবছৰ দুবছৰ নহয়, সুদীৰ্ঘ ১২৫ বছৰ ধৰি নিৰুদ্দেশ অৰ্থাৎ নোহোৱা হৈ আছিল এই পক্ষীটো৷ চৰকাৰীভাৱেও বিলুপ্তি ঘোষণা কৰিছিল৷ কিন্তু সকলোকে আচৰিত কৰি ইমান এটা দীৰ্ঘ সময়ৰ পাছত পৃথিৱীলৈ প্ৰত্যাৱৰ্তন ঘটিল এই পক্ষীৰ৷ দেখাত নোদোকা, মঙহাল এই চৰাইবিধে উৰিব নোৱাৰে৷ সম্প্ৰতি নিউজিলেণ্ডৰ দক্ষিণত পৰ্বতেৰে ঢকা এটা দ্বীপৰ জংঘলত মতা-মাইকী মিলি ১৮টা এই চৰাইৰ এটা জাক এৰি দিয়া হৈছে৷ ইয়াৰ উদ্দেশ্য হ’ল বিলুপ্ত বুলি ভবা এই পক্ষীৰ বংশবৃদ্ধি ঘটোৱা৷ এইবিধ পক্ষী সংৰক্ষণৰ এই পদক্ষেপ অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে৷ কাৰণ বিগত ১২৫ বছৰ ধৰি এই পক্ষীবিধ দেখা পোৱা নগৈছিল উক্ত অঞ্চলত৷ অতিসম্প্ৰতি নিউজিলেণ্ডৰ দক্ষিণৰ লেক ওয়াটিপু উপত্যকাত নতুনকৈ চৰাইবিধক দেখা পোৱা গৈছে৷ ইয়াৰ পাছতেই স্থানীয় প্ৰশাসনে চৰাইবিধৰ সংৰক্ষণৰ বাবে তৎপৰতা অৱলম্বন কৰে৷ ইয়াৰ বাহিৰেও চৰাইটোৰ কণী একত্ৰিত কৰাৰ ব্যৱস্থা কৰিছে৷ বিশেষজ্ঞৰ পৰ্যবেক্ষণত এই কণীবোৰ লালন পালন কৰা হ’ব৷ উল্লেখ্য যে এই চৰাইবিধে উৰিব নোৱাৰে৷ ইয়াৰ আকাৰ ৫০ ছেণ্টিমিটাৰমান হয়৷ চকুযুৰি তীক্ষ্ম আৰু মজবুত৷ ঠেং দুখন সৰু সৰু৷ ইয়াৰ ওজন সৰ্বাধিক তিনি কিলোগ্ৰাম পৰ্যন্ত হয়৷ প্ৰাগৈতিহাসিক যুগৰ পৰা নিউজিলেণ্ডৰ বাস্তুতন্ত্ৰৰ অংশ আছিল এই চৰাইবিধ৷ সয়য়ত গতিত চৰাইবিধ ক’ৰবাত হেৰাই গ’ল আৰু ১২৫ বছৰ আগতে ইয়াক চৰকাৰে বিলুপ্ত বুলি ঘোষণা কৰিছিল৷ কাৰণ সেই সময়ত জীৱাশ্মৰ অবিহনে এই চৰাইবিধৰ কোনো অস্তিত্ব পোৱা নগৈছিল৷ বিশেষজ্ঞই জনোৱা মকে এই চৰাইবিধে সাধাৰণতে বছৰত এবাৰেই বংশ বিস্তাৰ কৰে৷ এই পক্ষীৰ জীৱনকাল সৰ্বাধিক ১৮ বছৰ৷ এই পক্ষীবিধে মূলতঃ গছৰ ডাল-পাত, শস্যৰ বীজ, ফল-মূল আদি খালেই জীৱনধাৰণ কৰে৷ ইমান বৃহৎ বছৰৰ ব্যৱধান এই পক্ষীবিধ ঘূৰি অহাৰ বাবে বিশেষজ্ঞ মহলে সন্তোষ প্ৰকাশ কৰিছে৷ সেয়ে সিহঁতক নিৰাপদ আশ্ৰয়স্থল তথা সংৰক্ষণত বিশেষ নজৰ দিছে বিশেষজ্ঞই৷