হৰমনৰ সন্তুলন বৰ্তাই ৰাখিবলৈ উত্থানপদাসন কৰক

0
1

শৰীৰ আৰু মনৰ স্বাস্থ্যৰ বাবে যোগব্যায়ামৰ বিকল্প আন একো নাই৷ মনত ৰাখিব যোগাসনেহে আপোনাৰ সু্‌স্বাস্থ্য অটুট ৰাখিব পাৰে৷ আনহাতে যোগাসন কৰিবলৈ হ’লে অতি সহজ আৰু সময়ত ক্ষেত্ৰতো বেছি প্ৰয়োজন নহয়৷ সকলো যোগাৰ ফলাফল বেলেগ বেলেগ৷ কিছুমান যোগে যদি পেটৰ সমস্যা নিৰাময় কৰিব পাৰে, আন কিছুমান যোগব্যায়ামে মগজুৰ সক্ৰিয়তা বৃদ্ধি কৰে৷ আনহাতে এনে এবিধ যোগব্যায়াম আছে, যিয়ে শৰীৰৰ হৰমনৰ ভাৰসাম্য ৰক্ষা কৰিব পাৰে৷ অৰ্থাৎ শৰীৰত হৰমনৰ সন্তুলন বৰ্তাই ৰখাত এই যোগব্যায়ামে অৰিহণা যোগায়৷ এইবিধ যোগব্যায়াম হ’ল উত্থানপদাসন৷
কিদৰে উত্থানপদাসন কৰিব জানো আহক৷
প্ৰথমে মাটিৰ ওপৰত ওপৰমুৱাকে সম্পূৰ্ণ শুই দিয়ক৷ হাত দুখন যিমান পাৰে আগলৈ মেলি দিয়কষ ঠিক একেদৰে ভৰি দুখনো সমান কৰি অলপ ওপৰলৈ উঠাই পোন কৰি ৰাখক৷ এনে অৱস্থাত মূৰটো মাটিত গুঁজি ধৰি পিঠিখন মাটিৰ সংস্পৰ্শৰ পৰা কিছু ওপৰলৈ তুলি ধৰক৷ এতিয়া আপুনি হাত, ভৰি টান কৰি ধৰি থাকক৷ মনত ৰাখিব এই সময়ত আপোনাৰ টপিনা আৰু মূৰটোহে যেন মাটিৰ সংস্পৰ্শত থাকে ৷ এইদৰে কিছু সময়ত থকাৰ পাছত পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here