হেয়াৰ ছিৰাম ব্যৱহাৰৰ সঠিক নিয়ম জানক

0
6

হেয়াৰ ছিৰামৰ বিষয়ে আপোনালোকে নিশ্চয় জানে৷ হেয়াৰ ছিৰামে শুকান, খহটা চুলিক মসৃণতা প্ৰদান কৰি চুলিৰ উজ্জ্বলতা বৃদ্ধি কৰে৷ কিন্তু ইয়াতে হেয়াৰ ছিৰামৰ কাম শেষ নহয়৷ হেয়াৰ ছিৰামে চুলিখিনিক ধূলি-বালি আদিৰ ফলত নষ্ট হোৱাৰ পৰাও ৰক্ষা কৰে৷ মাত্ৰ ইয়াৰ ব্যৱহাৰৰ সঠিক নিয়ম জানিলেই হ’ল৷
হেয়াৰ ছিৰাম লগোৱাৰ আগতে মূৰটো ছেম্পুৰে পৰিষ্কাৰকৈ ধুই ল’ব লাগে৷ লেতেৰা চুলিত হেয়াৰ ছিৰামৰ ব্যৱহাৰ হিতে বিপৰীত হ’ব পাৰে৷
হেয়াৰ ছিৰাম ৪-৫ টোপালৰ অধিক লগাব নালাগে৷ অৱশ্যে আপোনাৰ যদি চুলি দীঘল, তেন্তে ইয়াৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে৷
চুলিৰ গুৰিত কেতিয়াও হেয়াৰ ছিৰাম নলগাব৷ নহ’লে চুলি তেলেতীয়া হৈ পিছৰ দিনাখনে আকৌ চুলি ধুবলগীয়া হ’ব পাৰে৷
হেয়াৰ ছিৰাম লগাওঁতে চুলিখিনি বেছি জোৰকৈ নঘঁহিব৷ নহ’লে চুলি নষ্ট হ’ব পাৰে৷
হেয়াৰ ছিৰামে আপোনাৰ চুলিৰ ওপৰ অংশৰহে যতন লয়, সেইবাবে হেয়াৰ ছিৰামৰ লগত অন্য তেল বা উপাদান মিশ্ৰণ কৰাটো উচিত নহয়৷
তেল আৰু ছিৰাম দুয়োটাই বেলেগ বেলেগ৷ যিহেতু তেলে বিশেষকৈ চুলিৰ গুৰি অংশৰ যতন লয়, সেয়েহে তেলক তেল হিচাপে আৰু ছিৰামক ছিৰাম হিচাপে ব্যৱহাৰ কৰিলে অধিক সুফল লাভ কৰিব পাৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here