হৃদযন্ত্ৰৰ চাৰিওফালে চৰ্বিৰ আস্তৰণ জমা হোৱাটো ধৰা পেলাবলৈ উপায় নাথাকে৷ কিন্তু এম আৰ আইৰ নতুন পদ্ধতিৰ জৰিয়তে সেই কাম সহজে কৰিব পৰা যাব বুলি বিজ্ঞানীয়ে দাবী কৰিছে৷ এই আস্তৰণ কোনো কাৰণতে চিটিস্কেনত ধৰা নপৰে৷ এম আৰ আই বা মেগনেটিক ৰেজোনেন্স ইমেজিঙৰ পুৰণি পদ্ধতিৰে হাৰ্টৰ কোন অংশত ব্লক আছেনে, সেয়া ধৰা পৰিলেও কিন্তু হৃদযন্ত্ৰৰ চাৰিওফালে চৰ্বিৰ আস্তৰণ জমা হোৱা প্ৰক্ৰিয়াটো ধৰাৰ কোনো উপায় নাথাকে৷ সেয়ে এম আৰ আইৰ নতুন পদ্ধতিৰ জৰিয়তে ইয়াক ধৰা পেলাব পাৰি বুলি জানিবলৈ দিছে গৱেষকে৷ ভাৰ্জিনিয়া ইউনিভাৰছিটিৰ বিজ্ঞানীয়ে দাবী কৰা মতে তেওঁলোকে এনে এবিধ এম আৰ আই মেচিন প্ৰস্তুত কৰিছে, যাৰ দ্বাৰা চিহ্নিত কৰিব পাৰিব হাৰ্টৰ চাৰিওফালে কিমান মেদ জমা হৈছে৷ এই মেদ কি প্ৰকাৰৰ বা এই মেদে ভৱিষ্যতে হৃদৰোগৰ আশংকাৰ বঢ়াব পাৰে নে নাই আদি৷ উল্লেখ্য যে হাৰ্টত যি অস্বাস্থ্যকৰ মেদ জমা হয়, তাক চিকিৎসাৰ পৰিভাষাত পেৰিকাৰ্ডিয়েল ফেট বুলি কোৱা হয়৷ এই মেদ হাৰ্টৰ চাৰিওফালে অলপ অলপকৈ জমা হৈ ধমনীৰ বেৰত মেদৰ স্তৰ সৃষ্টি হ’ব পাৰে৷ এনে অৱস্থাত ইয়াক কোৱা হয় ফেটি হাৰ্ট বুলি৷ স্থূলতা, ডায়েবেটিছ, উচ্চ ৰক্তচাপ আদি হ’লে ফেটি হাৰ্টৰ আশংকা বাঢ়ি যায়৷ এইদৰে ফেটি হাৰ্টৰ চিকাৰ হ’লে হাৰ্টৰ সমস্ত ভাল্ভ টান হৈ পৰে৷ যাৰ ফলত হৃদস্পন্দন অনিয়মীয়া হৈ পৰে৷ হাৰ্টে সঠিকভাৱে অক্সিজেনসমৃদ্ধ তেজ যোগান ধৰিব নোৱৰা হয়৷ যাৰ ফলত হাৰ্ট এটেকৰ দৰে ভয়াৱহ সমস্যাই দেখা দিব পাৰে৷ সেয়ে এই এম আৰ আই মেচিনৰ সহায়ত সহজে এইধৰণৰ ফেটি মেদৰ সম্ভাৱনা ধৰা পেলাব পাৰিব৷