হুপিং কাহৰ পৰা অৰ্শ নিৰাময়লৈ এই স্ফটিক অসাধাৰণ

0
106

আয়ুৰ্বেদ সম্পৰ্কে আমি সকলোৱে কম-বেছি জানোহঁক৷ এই পদ্ধতিৰ সহায়ত জটিল ৰোগো সহজে নিৰাময় লাভ কৰিব পাৰি৷ আয়ুৰ্বেদত এনে কিছুমান সামগ্ৰী সম্পৰ্কে জনা যায়, যি আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা হয়৷ যিবোৰৰ বিশেষ বিশেষত্ব আছে৷ তাৰ ভিতৰত ফিটকিৰিও অন্যতম৷ প্ৰায় প্ৰতি ঘৰতে ফিটকিৰি ব্যৱহাৰ কৰা হয় আৰু সহজলভ্য৷ ফিটকিৰি বিভিন্ন ধৰণে ব্যৱহৃত হয়৷ আয়ুৰ্বেদত ফিটকিৰিৰ বহুতো উপকাৰিতা আছে৷ আয়ুৰ্বেদ শাস্ত্ৰত ফিটকিৰিৰ পৰা ছাই প্ৰস্তুত কৰা হয়৷ ইয়াক স্ফটিক ভষ্ম বুলি কোৱা হয়৷ এই ভষ্ম ব্যৱহাৰ কৰি বিভিন্ন ৰোগৰ পৰা নিৰাময় পোৱা যায়৷ যিসকলৰ হুপিং কাহ বা হাঁওফাঁওৰ শ্লেষ্মাৰ সমস্যা আছে, তেওঁলোকে মৌৰ সৈতে মিহলাই খালে কফৰ সমস্যাৰ পৰা মুক্ত পাব পাৰে৷ মনত ৰাখিব ফিটকিৰি ব্যৱহাৰ কৰোঁতে সাৱধান হওক৷ ফিটকিৰি বিভিন্ন প্ৰকাৰৰ হ’ব পাৰে৷ পটাছ, পটাচিয়াম এলাম, ছেলেনেট, এমোনিয়াম তথা অন্যান্য নানা প্ৰকাৰৰ ফিটকিৰি আছে, যি ব্যৱহাৰ কৰিলে সতৰ্কতা অৱলম্বন কৰা ভাল৷ আমাৰ শৰীৰৰ বিভিন্ন দাগ তথা ব্ৰুনৰ সমস্যাৰ কাৰণে ফিটকিৰি এবিধ অত্যন্ত কাৰ্যকৰী ঔষধ হিচাপে জনা যায়৷ ফিটকিৰি ব্যৱহাৰ কৰাৰ আগতে পৰীক্ষা কৰি লোৱা ভাল৷ কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে প্ৰাকৃতিক এষ্ট্ৰিনজেণ্ট আছে, যিয়ে ছালৰ শুষ্কতা বঢ়াই দিব পাৰে৷ সংবেদনশীল স্থানত ইয়াক প্ৰয়োগ কৰিলে সমস্যা বাঢ়িব পাৰে৷ ফিটকিৰি গোলাপজল তথা নেমুৰ ৰসৰ সৈতে মিহলাই পেষ্ট তৈয়াৰ কৰি দাগযুক্ত স্থানত লগাই ১৫ মিনিটমান পাছত ধুই দিব৷ নিয়মিতভাৱে এইদৰে লগালে ছালৰ দাগ নাইকিয়া হয়৷ পাইৰিয়া পাইলছৰ কাৰণে ফিটকিৰি অব্যৰ্থ বুলি জনা যায়৷ ইয়াৰ সহায়ত পাইৰিয়া, ৰক্তপাত, গাঁঠি ফুলা আদি বিভিন্ন সমস্যাৰ পৰা সকাহ পোৱা যায়৷ মনত ৰখা ভাল যে ফিটকিৰি পাইলছৰ কাৰণে বেছ উপকাৰী৷ কুহুমীয়া গৰম পানীত এচামুচ গুড়ি ফিটকিৰি মলদ্বাৰ লগালে পাইলছৰ দৰে সমস্যাৰ পৰা সমাধান পোৱা যায়৷ ফিটকিৰিয়ে মলদ্বাৰ হোৱা ঘা বা ক্ষতস্থানৰ পৰাও সকাহ দিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here