হাৰ্ট এটেক কৰিব পাৰে বেকিং ছ’ডাই

0
2543

২০১৬ চনত হোৱা এক ঘটনা অনুসৰি বেকিং ছ’ডাৰ অভাৰড’জৰ বাবে কিছুমান লোকৰ হৃদস্পন্দন বন্ধ হৈ মৃত্যু হৈছিল৷

আৰু চাওক -২ মিনিটৰ স্বাস্থ্যজ্ঞান আপোনালোকৰ বাবে https://www.facebook.com/plugins/video.php?height=314&href=https%3A%2F%2Fwww.facebook.com%2FNewsHealthplus%2Fvideos%2F261003122134669%2F&show_text=false&width=560

সকলো মানুহৰ পাকঘৰত বহুলভাৱে ব্যৱহৃত এবিধ প্ৰয়োজনীয় বস্তু হৈছে বেকিং ছ’ডা৷ বিভিন্ন ধৰণৰ বেমাৰত ইয়াক ঘৰুৱা উপাচাৰ হিচাপে ব্যৱহাৰ কৰা হয় যদিও অধিক মাত্ৰাত ইয়াৰ সেৱন বিহৰ সমান হ’ব পাৰে৷ কম মাত্ৰাত বেকিং ছ’ডাই একো ক্ষতি কৰিব নোৱাৰে যদিও অধিক মাত্ৰাত ই শৰীৰৰ বাবে হানিকাৰক হিচাপে বিবেচিত হৈছে৷ বেকিং ছ’ডা এবিধ ক্ষাৰীয় পদাৰ্থ, যিয়ে পেটত এচিডৰ ওপৰত প্ৰভাৱ পেলায়৷

(১) বেকিং ছ’ডাত প্ৰচুৰ পৰিমাণে ছডিয়াম থাকে৷ যদি কোনো লোকে অধিক মাত্ৰাত ছডিয়াম বাই কাৰ্বনেট গ্ৰহণ কৰে, তেন্তে তেওঁৰ শৰীৰে পাচনতন্ত্ৰলৈ পানী টানি নিমখৰ সন্তুলন ঠিক কৰিবলৈ চেষ্টা কৰে৷ যাৰ বাবে বমি আৰু পাতল শৌচৰ সমস্যাই দেখা দিয়ে৷

7 Foods That Relieves Nausea | Trustmedi.com


(২) বেকিং ছ’ডাত থকা ছডিয়ামে হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে৷ ২০১৬ চনত হোৱা এক ঘটনা অনুসৰি বেকিং ছ’ডাৰ অভাৰড’জৰ বাবে কিছুমান লোকৰ হৃদস্পন্দন বন্ধ হৈ মৃত্যু হৈছিল৷

What Causes a Heart Attack at a Young Age? - Cardiac / Heart Health, Health Topics - Hackensack Meridian Health


(৩) গৰ্ভৱতী মহিলা আৰু শিশুৰ বাবে ইয়াক সেৱন কৰা উচিত নহয়৷

Pregnancy Myths, Dos, and Don'ts


(৪) অধিক মাত্ৰাত বেকিং ছ’ডাৰ সেৱনে পেট ফটাৰ সম্ভাৱনা বৃদ্ধি কৰে৷ দৰাচলতে যেতিয়া বেকিং ছ’ডাই পেটত এচিডৰ সৈতে সংযোগ হয়, তাত এটা ৰাসায়নিক প্ৰক্ৰিয়াৰ সৃষ্টি হয়৷ National Capital Poison Center ৰ মতে যদি কোনো ব্যক্তিয়ে অধিক মাত্ৰাত বেকিং ছ’ডা সেৱন কৰে, তেন্তে পেটত অধিক গেছ জমা হৈ পেট ফটাৰ সম্ভাৱনা থাকে৷

Digestive Bloating Causes | Digestive Care Physicians

আৰু পঢ়ক পৃথিৱীৰ ভিতৰত আটাইতকৈ দামী পাচলিবিধ ক’ত পোৱা যায় জানেনে?https://www.facebook.com/NewsHealthplus/posts/785691138739184

LEAVE A REPLY

Please enter your comment!
Please enter your name here