হাৰ্ট এটেকৰ সম্ভাৱনা কমাব পাৰে এইবিধ ফলে

0
2

বৰ্তমান সময়ত হাৰ্ট এটেকত আক্ৰান্তৰ সংখ্যা ভয়াৱহভাৱে বৃদ্ধি পাইছে৷ বিভিন্ন কাৰণত এই সমস্যাই গুৰুতৰ ৰূপ ধাৰণ কৰিছে৷ এই সমস্যা ৰোধৰ কৰাৰ বিভিন্ন ব্যৱস্থা আছে যদিও কিছুমান খাদ্যয়ো হাৰ্ট এটেকৰ সম্ভাৱনা কমাই ৰাখিব পাৰে৷ এনেধৰণৰ খাদ্য নিয়মিতভাৱে গ্ৰহণ কৰিলে হাৰ্ট এটেকত আক্ৰান্ত হোৱাৰ সমস্যা কম থাকে৷ এইসমূহৰ ভিতৰত বেডনা অন্যতম৷ হাৰ্ট এটেকৰ সম্ভাৱনা কমাই দিব পাৰে এই ফলবিধে৷ বেডনাত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্টৰ লগতে ভিটামিন তথা আন পুষ্টি উন্নত মাত্ৰাত পোৱা যায়৷ যিবোৰ উপাদানে হাৰ্ট সুস্থ কৰি ৰখাত সহায় কৰে৷ আনহাতে ইয়াত থকা এণ্টিঅক্সিডেণ্টে ধমনীত হোৱাৰ যিকোনো ব্যথা নিৰাময় কৰাত সহায় কৰে৷ নিয়মিতভাৱে বেহডনা খোৱাৰ ফলত বেয়া কলেষ্টৰেলত পৰিমাণ কমি যায়৷ উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণত এইবিধ ফলে যথেষ্ট সহায় কৰে৷ তদুপৰি এইবিধ ফলবিধত প্ৰদাহ ৰোধী উপাদান পোৱা যায়৷ ইয়াৰ লগতে বেডনা খালে অটো ইমিউন ৰোগৰ সমস্যাও নিয়ন্ত্ৰণত থাকে৷ সেয়ে হাৰ্ট এটেকৰ পৰা সুৰক্ষা পাবলৈ নিয়মিতভাৱে বেডনা খোৱাৰ অভ্যাস কৰক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here