হাৰ্টৰ ব্লকেজ হোৱা-নোহোৱা জানিবলৈ এই তিনি উপায়

0
1

মূৰটো ৰিমঝিম কৰা, চকুৰে অন্ধকাৰ দেখা তাৰ পাছত জ্ঞানশূন্য হৈ পৰা, আধা মিনিটৰ পাছত পুনৰ জ্ঞান ফিৰি আহি স্বাভাৱিক অৱস্থা৷ এবাৰ নহয়, ঘনে ঘনে এনে অৱস্থা হ’লে চিন্তাৰ কাৰণ হ’ব পাৰে৷ অতিৰিক্ত ঘাম ওলোৱা, বুকু আৰু শৰীৰৰ আন অংশত বিষ,অনুভৱ কৰা হ’লে গেছৰ সমস্যা বুলি ভাবি হজমৰ ঔষধ কিনি খোৱাৰ অভ্যাস বহুতৰে আছে৷ পিছে এইধৰণৰ অসুবিধাসমূহ সাধাৰণ বুলি ভাবি এৰাই চলা উচিত নহয়৷ অৱস্থান অধিক অৱনতি হ’লেহে চিকিৎসকলৰ কাষলৈ যোৱা হয় আৰু ইচিজি, ইকোকাৰ্ডিঅ’গ্ৰাফি, তেজৰ পৰীক্ষা কৰাৰ পাছতহে আৰ্টাৰি বা ধমনীত ব্লকেজ হোৱাটো ধৰা পৰে৷ ব্লকেজ বেছি থকা মানেই অস্ত্ৰোপচাৰ অৱধাৰিত৷ আনহাতে হাৰ্টৰ অস্ত্ৰোপচাৰ বুলি ক’লেই মনলৈ শংকা-ভয় অহাটো স্বাভাৱিক কথা৷ তাতকৈ যদি আগতেই হাৰ্টটো সঠিকভাৱে চলি থকা বা হাৰ্টৰ অসুখৰ কি লক্ষণ তথা উপায়ৰ বিষয়ে জনা যায়, তেতিয়াহ’লে বিপদৰ সম্ভাৱনা যথেষ্ট কমি থাকে৷ হাৰ্ট ব্লকেজ হৈছে নে নাই, সেয়া ঘৰত থাকিয়েই বুজা সম্ভৱ৷ শৰীৰৰ এই লক্ষণবোৰ দেখা দিলে সাৱধান আৰু সতৰ্ক হোৱা ভাল৷
স্বাভাৱিকভাৱে এজন শিশুৰ জন্মৰ সময়ৰ পৰা হৃদযন্ত্ৰত কলেষ্টৰেল জমা হ’বলৈ আৰম্ভ কৰে৷ বয়স বঢ়াৰ লগে লগে জীৱন যাপনৰ ধৰণ অনুযায়ী সেই মাত্ৰা কিমান নিয়ন্ত্ৰণত ৰখা যায়, সেইটোহে গুৰুত্বপূৰ্ণ৷ আৰ্টাৰিৰ মুখ সৰু হৈ গ’লে স্বাভাৱিকভাৱে ইয়াৰ মাজেৰে তেজ চলাচলত বাধাপ্ৰাপ্ত হয়৷ হাৰ্টৰ ব্লকেজ বিভিন্ন ধৰণে হয়৷ বংশগত কাৰণত হ’লে ইয়াক কোৱা হয় কনজেনিটাল হাৰ্ট ব্লক৷ ইয়াৰ উপৰি হাৰ্টৰ ধমনীত তেজৰ চলাচলত বাধাপ্ৰাপ্ত বা স্তব্ধ হ’লে তাক কৰোনাৰী থ্ৰম্বোছিছ বোলে৷ যদি হাৰ্টৰ স্পন্দন খেলিমেলি হয়, তেতিয়া ইয়াক কোৱা হয় এৰিদমিয়া৷ এই সময়ত হৃদস্পন্দনৰ হাৰ অনিয়মিত হয়৷ ৰক্তপ্ৰবাহৰ গতিত বাধা পায়৷ এই ক্ষেত্ৰত ফাৰ্ষ্ট, ছেকেণ্ড বা থাৰ্ড ডিগ্ৰী ব্লকেজ হয়৷ ছেকেণ্ড বা থাৰ্ড ব্লকেজৰ বাবে পেছমেকাৰ লগোৱাৰ আৱশ্যক হয়৷
বুকুৰ প্ৰায় সময়তে বিষ অনুভৱ হোৱা, খোজকঢ়া, দৌৰা, খোৱাৰ সময়তে বুকুৰ বিষ অনুভৱ হোৱা, আনকি বিশ্ৰামৰ সময়তো বুকু বিষাই থকা, বুকুখন গধুৰ লাগি থকা, সকলো সময়তে বুকুৰ ভিতৰখন অস্বস্তি লাগি থকা আদি লক্ষণবোৰ হ’লে সাৱধান হ’ব৷ আচলতে ধমনী সৰু হৈ তাৰ মাজেৰে অক্সিজেনসমৃদ্ধ তেজ চলাচলত বাধাপ্ৰাপ্ত হোৱা বাবে এনে হয়৷ ইয়াক কোৱা হয় এনজাইনা৷
বুকুৰ বাহিৰেও বাওঁহাত, গলৰ কাষ, কাষলতিৰ ওচৰ আদিত বিষ অনুভৱ হয়৷ ইয়াৰ লগতে কান্ধ বা ঘাৰৰ তলৰ অংশতো যন্ত্ৰণা হ’ব পাৰে৷ পেশী টানি ধৰা, শ্বাস লোৱাৰ সমস্যা আদি লক্ষণবোৰ দেখিলে সতৰ্ক হোৱা ভাল৷
শাৰীৰিক পৰিশ্ৰম নোহোৱা সত্ত্বেও যদি শ্বাসকষ্ট হৈ থাকে তেতিয়াহ’লে বুজিব হাৰ্টৰ সমস্যাই দেখা দিছে৷ বহু সময়ত একে ঠাইতে বহি আছে, তেতিয়াও শ্বাস-প্ৰশ্বাসত কষ্ট অনুভৱ হোৱা, প্ৰচণ্ড ক্লান্তি বোধ হোৱা আদিয়ে হাৰ্ট ব্লকেজৰ সম্ভাৱনা বঢ়াই দিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here