হালধি স্বাস্থ্যৰ বাবে কিমান উপকাৰী : কি কয় গৱেষকে

0
553


ভাৰতত হালধিৰ গুৰুত্ব প্ৰায় সকলোৱে বুজি পায়৷ হালধিৰ ভালেমান ঔষি¸ধ গুণ থকা বুলিও বহুতে জানে৷ কিন্তু শেহতীয়াকৈ কৰা এটা অধ্যয়নে হালধিৰ ঔষধি গুণক পুনৰ প্ৰমাণিত কৰিছে৷ ব্ৰিটিছ মেডিকেল জাৰ্নালত প্ৰকাশ পোৱা এই অধ্যয়নটোৰ প্ৰতিবেদনত কোৱা হৈছে যে হালধিত কাৰ্কিউমিন নামৰ এবিধ প্ৰাকৃতিকভাৱে সক্ৰিয় যৌগিক আছে আৰু ইয়াৰ প্ৰদাহ তথা ৰোগ প্ৰতিৰোধী গুণ আছে৷ হালধিয়ে অজীৰ্ণ নাশ কৰে বুলিও জানিব পৰা গৈছে৷ প্ৰতিবেদনখনত কোৱা হৈছে থাইলেণ্ডত অজীৰ্ণতাত ভোগা ১৮-৭০ বছৰ বয়সৰ ২০৬জন লোকক তিনিটা গ্ৰnপত ভাগ কৰি হালধিৰ প্ৰভাৱ সম্পৰ্কে জানিবলৈ বিচৰা হৈছিল৷ এই অধ্যয়নটোৰ পৰা জানিব পৰা গ’ল যে হালধিয়ে অজীৰ্ণতা নাশ কৰে৷ অৱশ্যে গৱেষকসকলে লগতে এই কথাও প্ৰকাশ কৰে যে অজীৰ্ণতাত হালধিৰ ব্যৱহাৰে পৰম্পৰাগত ঔষধৰ তুলনাত কিমান সুফল দিয়ে, সেইটো এতিয়াও স্পষ্ট নহয়৷ অৱশ্যে ভাৰতত প্ৰায় চাৰি হাজাৰ বছৰৰ আগৰে পৰাই হালধি খাদ্যৰ লগতে ধৰ্মীয় তথা ঔষধীয় কামত ব্যৱহাৰ হৈ আহিছে৷ আয়ুৰ্বেদত হালধিৰ ফাংগাছ প্ৰতিৰোধী, জীৱাণু প্ৰতিৰোধী [এণ্টিবেক্টেৰিয়েল], বিহ প্ৰতিৰোধী গুণ আছে৷ হালধিয়ে শৰীৰ ৰোগ প্ৰতিৰোধী ক্ষমতাও বৃদ্ধি কৰে৷ আনহাতে কাৰ্কিউমিনেও ৰোগ প্ৰতিৰোধকৰ কাম কৰে আৰু ৰোগ প্ৰতিৰোধী কোষবোৰক শক্তিশালী কৰে৷ হালধিয়ে কেন্‌ছাৰ ৰোগো প্ৰতিৰোধ কৰাত সহায় কৰে৷ পূৰ্বতে কৰা কেইবাটাও অধ্যয়নত প্ৰকাশ পাইছে যে কাৰ্কিউমিনে টিউমাৰৰ কোষ হ্ৰাস কৰা ইয়াৰ প্ৰসাৰ প্ৰতিৰোধী কৰাত সহায় কৰে৷ ইয়াৰ লগতে প্ৰষ্টেট তথা স্তন কেনছোৰ প্ৰতিৰোধতো সহায় কৰে বুলি কোৱা হৈছে৷ হালধিয়ে মেদ হ্ৰাস কৰাতো সহায় কৰে৷ ইয়াৰ লগতে হৃৎপিণ্ডৰ ৰোগ, ষ্ট্ৰ’ক, মধুমেহৰ আশংকাও হ্ৰাস কৰে৷ হালধি কফ আৰু বাতনাশক বুলি আয়ুৰ্বেদত উল্লেখ কৰা হৈছে৷ হালধিয়ে পাচন ক্ৰিয়া শক্তিশালী কৰাৰ লগতে এচিডিটিৰ সমস্যা নোহোৱাতো সহায় কৰে বুলি কোৱা হৈছে৷ হালধিয়ে বিষ নিৰাময় আৰু ঘা শুকুওৱাতো সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here