হাতৰ জলকীয়াৰ পোৰণিৰ পৰা কিদৰে উপশম পাব

0
1

জলকীয়াত কেপচাইচিন নামৰ এবিধ উপাদান থাকে৷ কেঁচা জলকীয়া বা পকা জলকীয়া কাটিলে বা পিচিলে এই উপাদান নিৰ্গত হয় আৰু হাত লাগিলে জ্বলন হয়, ছালখন পোৰে আৰু অসহ্য যন্ত্ৰণা অনুভূত হয়৷ সেয়ে ইয়াৰ পৰা কিদৰে উপশম পাব সেই কথা জনাটো খুবেই জৰুৰী৷ ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ হাত পানীৰে ধুলেও জ্বলন কমি নাযায়, বৰঞ্চ জ্বলনৰ প্ৰকোপ বেছিহে অনুভৱ হয়, সেয়ে তেনে অৱস্থাত হাত দুখন নাৰিকল তেল বা সৰিয়হৰ তেলেৰে ঘঁহি দিয়ক আৰু পাচ মিনিটমান এনেদৰে ৰাখিব৷ তাৰ পাছত চাবোনেৰে হাতখন ধুই পেলাওক৷ ইয়াৰ বাবে কুহুমীয়া পানীও ব্যৱহাৰ কৰিব পাৰে৷ আনহাতে হাতত জলকীয়াই পুৰিলে নেমুৰ ৰস আৰু নিমখ লৈ ঘঁহি দিব পাৰে৷ তাৰ পাছত হাত ধুই দিব৷ এনে কৰিলে স্বস্তি তথা হাতৰ জ্বলা ভাব কমি যাব৷ আনহাতে কেঁচা বা শুকান জলকীয়া কটাৰ আগতে হাতত তেল ঘঁহি লওক৷ ইয়াৰ ফলত জ্বলন কম হয়৷ মনত ৰাখিব কেঁচা জলকীয়া কটা বা পিচাৰ সময়ত হাত কেতিয়াও চকু, মুখ আদি অংশলৈ নিদিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here