হাড় মজবুত কৰিবলৈ এইকেইবিধ খাওক

0
1376

অষ্টিঅ’পৰোছিছ এনে এটা সমস্যা য’ত আপোনাৰ হাড়বোৰ কমযোৰ আৰু ঠুনুকা হয়, যাৰ ফলত হাড় ক্ষয় যোৱাৰ পৰিণাম ভোগ কৰিবলগীয়া হয়৷

এটা বয়সত আমাৰ সকলোৰে গাঁঠিৰ বিষ, হাড়ৰ বিষ আদিয়ে যিকোনো সময়তে দেখা দিয়া আৰম্ভ কৰে৷ অসহ্যকৰ বেদনাৰ লগতে দৈনিক কৰ্মতো ই ব্যাঘাত জন্মায়৷ অষ্টিঅ’পৰোছিছ এনে এটা সমস্যা য’ত আপোনাৰ হাড়বোৰ কমযোৰ আৰু ঠুনুকা হয়, যাৰ ফলত হাড় ক্ষয় যোৱাৰ পৰিণাম ভোগ কৰিবলগীয়া হয়৷ আমাৰ শৰীৰে অবিৰাম পুৰণি হাড়ৰ টিছুসমূহ নতুন হাড়ৰ টিছুসমূহৰ লগত সলনি থাকে৷ কিন্তু অষ্টিঅ’পৰোছিছত নতুন হাড় গঠন হোৱাত দেৰি হয়৷ যদিও এই সমস্যা বয়সৰ লগে লগে বা মহিলাসকলৰ ক্ষেত্ৰত অধিক হোৱা দেখা যায়, কিন্তু আজিকালি যুৱ প্ৰজন্মৰ মাজতো এই সমস্যাই জৰ্জৰিত কৰিবলৈ ধৰিছে৷ গতিকে আমাৰ খাদ্য তালিকাত এনে কিছুমান খাদ্য অন্তৰ্ভুক্ত কৰা উচিত, যিটো অকালতে হাড় ক্ষয় যোৱাৰ সমস্যাৰ পৰা ৰক্ষা কৰিব পাৰে৷

(১) বিলাহীত থকা ভিটামিন-K, কেলচিয়াম, লাইক’পিনে একেলগে শক্তি যোগান ধৰাৰ লগতে হাড় মজবুত আৰু উন্নত কৰাত সহায় কৰে৷

Tomatoes As A Bone Builder— Better Bones

(২) ষ্ট্ৰবেৰিত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে ফ্ৰী ৰেডিকেলৰ সৈতে যুদ্ধ কৰি হাড় ক্ষয় যোৱাৰ পৰা ৰক্ষা কৰে৷ ইয়াৰ উপৰি ইয়াত প্ৰচুৰ পৰিমাণে কেলচিয়াম, মেংগানিজ, পটাচিয়াম, ভিটামিন-C আৰু ভিটামিন-K পোৱা যায়, যিয়ে নতুন হাড় গঠন হোৱাত সহায় কৰে৷

health benefits of strawberry strengthen bones and weight loss-स्ट्रॉबेरी में छिपा है सेहत का खजाना, वजन घटाने से स्ट्रेस कम करने तक, जानिए इसके अनेक लाभ - India TV Hindi News

(৩) আপেলত প্ৰচুৰ পৰিমাণ কেলচিয়াম আৰু ভিটামিন-C পোৱা যায়, যিয়ে ক’লাজেন উৎপন্ন কৰাৰ লগতে নতুন হাড়ৰ গঠনৰ বাবে প্ৰয়োজনীয়৷

10 Impressive Health Benefits of Apples

(৪) ভিটামিন-C যুক্ত অমিতা আপোনাৰ হাড়, ছাল আৰু ইমিউনিটিৰ বাবে অতি উপকাৰী৷

Household treasures: Papayas, antioxidants and nourishments


(৫) আনাৰসত প্ৰচুৰ পৰিমাণে পটাচিয়াম থাকে৷ এক অধ্যয়নৰ মতে পটাচিয়ামে শৰীৰত এচিডৰ প্ৰভাৱ কম কৰাৰ লগতে কেলচিয়ামৰ পৰিমাণ কম হোৱাটো বাধা দিয়ে৷ আনহাতে আনাৰস ভিটামিন-A আৰু কেলচিয়ামৰ ভাল উৎস৷ যি মজবুত হাড়ৰ বাবে অতি প্ৰয়োজনীয় উপাদান৷

19 Evidence-Based Health Benefits of Pineapple

LEAVE A REPLY

Please enter your comment!
Please enter your name here