হাড়ৰ সুস্থতাৰ বাবে ভিটামিন কেৰ আৱশ্যকতা কিমান?

0
1

প্ৰ’টিন, ভিটামিন-ডি আৰু বহুতো বিভিন্ন ধৰণৰ নিউট্ৰিয়েনছে হাড় মজবুত কৰি ৰখাত সহায় কৰে৷ তাৰ ভিতৰত এটা উপাদান হৈছে ভিটামিন-কে৷ যাৰ সম্পৰ্কে খুব কম মানুহেহে জ্ঞাত৷ এই ভিটামিন-কেও হাড় আৰু মাংসপেশী মজবুত কৰি ৰখাত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে৷ ভিটামিন-কে হেল্‌থডি ফেট্‌ছ, যেনে– নাৰিকলৰ তেল, সৰিয়হৰ তেল, অলিভ অইল আদিৰ লগত সহজে মিলি যাব পাৰে৷ গতিকে এই তেলসমূহ ভিটামিন-কে সমৃদ্ধ খাদ্যৰ লগত গ্ৰহণ কৰিলে শৰীৰৰ কাৰণে লাভদায়ক হয়৷ ভিটামিন-কেৰ আৰু ভিটামিন-কে২ বিশেষকৈ হাড়ৰ যতন লোৱাত সহায় কৰে৷ য’ত নেকি ভিটামিন-কেৰ সেউজীয়া শাক-পাচলিত পোৱা যায়, আকৌ ভিটামিন-কে২ গাখীৰ, কণী, মাছ, মাংস আদিত পোৱা যায়৷ ভিটামিন-কে হাড়ৰ যতন লোৱাৰ লগতে হাড় মজবুত কৰা, অষ্টিঅ’পৰোছিছ, অৰ্থৰাইটিছ, ফ্ৰেকচাৰ্ছ আৰু বিভিন্ন হাড়ৰ সমস্যা নিৰ্মূল কৰে৷ ভিটামিন-কে কাৰ্ডিঅ’ভাস্কুলাৰ ৰোগৰ পৰাও হৃদপিণ্ডটোক সুৰক্ষা প্ৰদান কৰিব পাৰে৷ বয়স বাঢ়ি অহাৰ লগে লগে বিশেষকৈ মহিলাৰ বোন ইনটেচিটিকমি আহে, গতিকে দৈনিক আপোনাৰ খাদ্য তালিকাত ভিটামিন-কে যুক্ত খাদ্য যেনে– সেউজীয়া শাক-পাচলি, ডালিম, এবকাডো, জাম, মাছ-মাংস, কণী, বাদাম আদিক অন্তৰ্ভুক্ত কৰি হাড় মজবুত কৰি ৰখাত অৰিহণা যোগাব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here