হাই প্ৰেছাৰত ধন্বন্তৰি : খাওক এই ছুপাৰফুড

0
77

হাই ব্লাড প্ৰেছাৰ বা হাইপাৰ টেনশ্যন বা উচ্চ ৰক্তচাপ মূলতঃ লাইফষ্টাইল সংক্ৰান্তীয় অসুখ৷ এই ৰোগত ঔষধৰ লগতে ডায়েট নিয়ন্ত্ৰণত ৰখা খুবেই জৰুৰী৷ সেয়ে বিশেষজ্ঞই মেগনেচিয়াম, পটাচিয়াম আদি সমৃদ্ধ খাদ্য খাদ্য তালিকাত ৰখাৰ পৰামৰ্শ দিয়ে৷ হাই ব্লাড প্ৰেছাৰৰ কাৰণে এইধৰণৰ উপাদান সমৃদ্ধ খাদ্য ছুপাৰ ফুড হিচাপে ধৰা হয়৷ সেয়ে জানো আহক উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিবলৈ কিসমূহ খাদ্য নিয়মিতভাৱে খোৱা উচিত৷
উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে টেঙা দৈয়ে৷ কেলচিয়াম. মেগনেচিয়াম তথা পটাচিয়াম প্ৰচুৰ মাত্ৰাত থকা টেঙা দৈ নিয়মিতভাৱে খালে ব্লাড প্ৰেছাৰৰ সমস্যাৰ পৰা সকাহ পাব পাৰি৷
সামুদ্ৰিক মাছ ছামন, মেকাৰেল, ছাৰ্ডিনৰ দৰে মাছত প্ৰচুৰ পৰিমাণে ওমেগা থ্ৰী ফেটি এচিড থাকে, যিয়ে ইনফ্লেমেছন আৰু বেয়া কলেষ্টৰেল কমোৱাত সহায় কৰে৷ ইয়াৰ ফলত উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত থকাত সহায়ক হয়৷
ৰঙা বিটত প্ৰচুৰ পৰিমাণে নাইট্ৰেট পোৱা যায়৷ এই উপাদানে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে৷ এই বিটৰূট চালাড, তৰকাৰী, জুচ আদি নানাভাৱে খাব পাৰি৷
এণ্টিঅক্সিডেণ্ট, পলিফেনলৰে ভৰপূৰ ডাৰ্ক চকলেট খালে শৰীৰৰ ৰক্তচাপৰ মাত্ৰা কমি থাকে৷ কিন্তু দৈনিক দুটাতকৈ বেছি খোৱা শৰীৰৰ বাবে উচিত নহয়৷
নাইট্ৰেটেৰে ভৰপূৰ বন্ধাকবি, পালেং শাক, আন সেউজীয়া শাক-পাচলিয়ে ৰক্তচাপ মাত্ৰা সঠিক ৰখাত সহায় কৰে৷
গোটা দানা শস্য উচ্চ ৰক্তচাপ কমাই ৰখাত কাৰ্যকৰী৷ ওটচ তথা কৰ্নফ্লাক্স আদি গোটা দানা শস্যত বিটা গ্লুকান ছিষ্টোলিক তথা ডায়াষ্টোলিকে ব্লাড প্ৰেছাৰ কমাই ৰখাত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here