হাঁহি কিমান মহৌষধ– আপুনি জানি আচৰিত হ’ব

0
2248

হাঁহি আমাৰ জীৱনৰ ঐশ্বৰ্য৷ হাঁহিয়ে আমাক মনৰ ভিতৰৰ পৰা ধুনীয়া কৰি তোলাৰ লগতে আমাৰ ব্যক্তিত্বতো বহুখিনি প্ৰভাৱ পেলায়৷ কিন্তু বৰ্তমান ব্যস্ততাপূৰ্ণ আমাৰ জীৱনৰ পৰা হাঁহি নামৰ সম্পদবিধ যেন হেৰাই যাবলৈ ধৰিছে৷ তথাপিও আমি হঁহাটো খুবেই দৰকাৰী৷ ইয়াৰ কাৰণ জানিলে হয়তো আপুনিও হ’ব অবাক৷ এটি হাঁহিয়ে আপোনাক কৰি তুলিব পাৰে সুন্দৰ মনৰ গৰাকী৷ হঁহাটো স্বাস্থ্যৰ পক্ষে উপকাৰী৷ হাঁহিয়ে আমাক আত্মবিশ্বাসী কৰি তোলে৷ মানসিক উৎসাহ বৃদ্ধিত হাঁহিৰ অৱদান উল্লেখনীয়৷ হাঁহিয়ে এজন লোকৰ মানসিক চিন্তা-ভাবনা দূৰ কৰি শৰীৰটোক সক্ৰিয় কৰাৰ লগতে কাৰ্যক্ষমতা বৃদ্ধি কৰাত সহায় কৰে৷ হাঁহিলে আমাৰ দেহৰ প্ৰধানতঃ মুখমণ্ডল, পিঠি আৰু পেটৰ মাংসপেশী শক্তিশালী হয়৷ হাঁহিলে মুখৰ ছালৰ উজ্জ্বলতা বাঢ়ে৷ হাঁহিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি বিভিন্ন ৰোগৰ পৰা বচাই ৰাখে৷ হাঁহিয়ে আমাৰ শৰীৰত এণ্ডোৰফিন্‌ছ (Endorphins) উৎপন্ন কৰে; যিয়ে মগজুৰ সৈতে ক্ৰিয়া কৰি অৱসাদ দূৰ কৰাত সহায় কৰে৷ হাঁহিয়ে শৰীৰৰ তেজ চলাচল প্ৰক্ৰিয়া সক্ৰিয় কৰি ৰাখে, যিয়ে হাৰ্ট এটেক আৰু কাৰ্ডিঅ’ ভাছকুলাৰ সমস্যাৰ পৰা ৰক্ষা কৰে৷ এটা অধ্যয়নৰ পৰা পোৱা গৈছে যে এদিনত যদি আমি ১০-১৫ মিনিট হাঁহোঁ, তেনেহ’লে ৪০ শতাংশ কেল’ৰি শক্তিৰ মাত্ৰা হ্ৰাস পায়৷ হাঁহিয়ে আমাৰ হৃদপিণ্ডটো সুস্থ কৰি ৰখাত সহায় কৰে৷ এশবাৰ উচ্ছ স্বৰত হঁহা আৰু ১৫ মিনিট চাইকেল চলোৱা একেই কথা৷ হাঁহিলে ৰক্তচাপ আৰু শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণত থাকে৷ কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত হাঁহিৰ ভূমিকা অপাৰ৷ হাঁহিলে শ্বাসতন্ত্ৰ পৰিষ্কাৰ হয়, ফলত শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি৷ হাঁহি আমাৰ শৰীৰৰ কাৰণে মহৌষধ৷ সেয়েহে আহক, চিন্তা-ভাবনা, দুখ-বেদনা একাষৰীয়া কৰি, মুখৰ এমোকোৰা হাঁহিৰে আনন্দ প্ৰকাশি জীৱনক ধন্য কৰি ৰাখো৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here