অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে পুঁজিপতিক ৰঙা দলিচা পাৰি পাম খেতি কৰিবলৈ সুবিধা দিয়া বিষয়টোৱে এতিয়া সকলোতে সৰৱ চৰ্চা লাভ কৰিছে৷ ইয়ৰা বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন দল-সংগঠন তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ এক সূত্ৰৰ পৰা জানিব পৰা মতে অসমত ১৮খন জিলা পাম খেতি কৰিবলৈ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে ইণ্ডিয়ান কাউঞ্চিল অব এগ্ৰিকালচাৰেল ৰিছাৰ্চে এই খেতিত অনুমোদন জনোৱা বুলি প্ৰকাশ কৰিছে৷ গুৰুত্বপূৰ্ণ কথাটো হ’ল অসমৰ জলবায়ুৰ লগত এই খেতিৰ কোনো সম্পৰ্ক নাই বুলি একাংশ কৃষি বিশেষজ্ঞই মন্তব্য কৰিছে৷ ইয়াৰ কাৰণ হিচাপে এজোপা পূৰ্ণবয়স্ক পাম গছ বা তৈল খেজুৰে দৈনিক ২০০-৩০০ লিটাৰ পানী আহৰণ কৰে৷ইয়াৰ ফলত ভূগৰ্ভৰ পানী কনি যোৱাৰ যথেষ্ট সম্ভাৱনা আছে আৰু অনাগত দিনত অসম ক্ৰমে মৰুভূমিলৈ ৰূপান্তৰ হোৱাৰ দৰে ঘটনাও ঘটিব পাৰে বুলি শংকা কৰা হৈছে৷ ইতিমধ্যে পাইলট প্ৰজেক্ট হিচাপে অসমৰ গোৱালপাৰা জিলাই এই খেতি কৰা হৈছিল আৰু উক্ত এলেকাত ভূমিৰ আৰ্দ্ৰতা কমি যোৱাৰ অভিযোগ পোৱা গৈছে৷ আনহাতে দেশৰ আন আন প্ৰান্ততো এই খেতিৰ কোনো সুফলৰ বাতৰি পোৱা নাই৷ ইয়াৰ বিপৰীতে দেশৰ বহু ৰাজ্যই এই খেতিৰ কুফলৰ বাবে কৰিবলৈ বাদ দিছে৷ অকল দেশতে নহয়, আন বহু দেশে এই খেতি নিষিদ্ধ কৰিছে৷ ইয়াৰ বিপৰীতে ভাৰত চৰকাৰে হাতত লোৱা মিছন পাম অইলৰ অধীনত অসমকো সামৰি ল’বলৈ চেষ্টা চলাই আছে৷ ্আনহাতে অসমৰ দৰে জৈৱ-বৈচিত্ৰ্যৰে ভৰপূৰ ঠাইত পাম খেতি কৰাৰ ফলত ইয়াৰ পাৰিপাৰ্শ্বিক দিশটোলৈও সংকট নামি আহিব বুলি একাংশই মত প্ৰকাশ কৰিছে৷ বিশেষজ্ঞ পৰিৱেশবিদসকলে গৱেষণা কৰি পোৱা তথ্য অনুসৰি এজোপা পৈণত পাম অইল গছক দৈনিক প্ৰয়োজন হয় ৩০০ লিটৰ পানীৰ৷ গতিকে ভূগৰ্ভৰ জলস্তৰ নিঃশেষ হোৱাৰ পাছত অসমৰ ভূমি মৰুভূমিসদৃশ পৰিৱেশৰ সৃষ্টি হোৱাৰ আশংকা কৰিছে৷ এই খেতিৰ পৰা কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি হয়৷ যাৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি পায়৷ ইয়াৰ লগতে ভূমিৰ আৰ্দ্ৰতা হ্ৰাস পাই জৈৱ-বৈচিত্ৰ্য ধবংস হোৱাৰো শংকা কৰা হৈছে৷ উল্লেখ্য যে শ্ৰীলংকা, ইণ্ডোনেছিয়াৰ লগতে ইউৰোপৰ বহু দেশত এই খেতি নিষিদ্ধ কৰা হৈছে৷ চুবুৰীয়া মিজোৰাম এই খেতিয়ে খৰাং পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ সেই সময়তে অসম চৰকাৰে এই খেতি কৰিবলৈ লোৱাটো এক হঠকাৰী সিদ্ধান্ত হিচাপে বিবেচিত হৈছে৷