সৰুসজাইত মুকলি ৩০৮খন বিছনাযুক্ত ক’ভিড হাস্পতাল

0
1375
মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই  যোৱা ১০ জুনত সৰুসজাইত নিৰ্মাণ কৰা ৩০৮খন বিছনাযুক্ত আৰু কালাপাহাৰ কভিড হস্পিটেলত ৫২খন বিছনাযুক্ত আই চি ইউ হস্পিটেল আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰি অসমে ক’ভিডৰ বিৰুদ্ধে যুঁজখনত নিৰ্ণায়ক সফলতা লাভ কৰা বুলি দাবী কৰে৷ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত গুৱাহাটীৰ সৰুসজাই আৰু কালাপাহাৰ হস্পিটেল জনসাধাৰণৰ সেৱাত উৎসৰ্গা কৰা অনুষ্ঠানত মুখ্যমন্ত্ৰীজনে কয় যে ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা চমুকৈ ডি আৰ ডি অ’ৰ সহযোগত ২১.৪৬ কোটি টকাৰ প্ৰকল্প ব্যয়ৰে নিৰ্মাণ কৰি উলিওৱা নতুন চিকিৎসালয়খনে  গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ পৰিবৰ্ধিত সেৱাৰ অংশ হিচাপে কাম কৰিব৷ উল্লেখ্য যে প্ৰকল্পটো ৰূপায়ণৰ বাবে অইল ইণ্ডিয়া লিমিটেড আৰু আই চি আই চি আই বেংকেও  ক্ৰমান্বয়ে ২ কোটি আৰু ১.৫ কোটি টকাৰ আৰ্থিক অনুদান আগবঢ়াইছিল৷ এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীজনে কালাপাহাৰ ক’ভিড কেয়াৰ হস্পিটেলত ২০খন বিছনাযুক্ত আই চি ইউ আৰু ৩২খন অক্সিজেনৰ সুবিধাযুক্ত বিছনাও উদ্বোধন কৰে৷ মাথোঁ ২০ দিনৰ ভিতৰতে চিকিৎসালয়খন নিৰ্মাণ কৰি উলিওৱাৰ লগতে এই গুৰুত্বপূৰ্ণ প্ৰকল্পটোৰ উদাৰ অংশীদাৰ হোৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে ডি আৰ ডি অ’ক ধন্যবাদ জ্ঞাপন কৰে৷ তেওঁ কয় যে চিকিৎসালয়খনত ৮৮খন আই চি ইউ বিছনা উপলব্ধ থকাৰ লগতে আন ২২০খন বিছনাতো অক্সিজেনৰ সুবিধা উপলব্ধ কৰা হ’ব৷ লক্ষণীয় যে জি এম চি এইচৰ অধ্যক্ষৰ তত্ত্বাৱধানত চলিবলগীয়া এই হস্পিটেলখনত ৪৮জন বিশেষজ্ঞ চিকিৎসকে তিনিটা চিফ্‌টত, ৩০জন এম বি বি এছ চিকিৎসক, ১২০গৰাকী নাৰ্ছ আৰু ৬০জন চতুৰ্থবৰ্গৰ কৰ্মচাৰী থাকিব৷ আনহাতে অহা ২১ জুনৰ পৰা ৰাজ্যজুৰি ব্যাপক ভেক্‌চিন অভিযান আৰম্ভ কৰা হ’ব৷ ক’ভিডৰ তৃতীয় ঢৌৰ সৈতে মোকাবিলা কৰাৰ লক্ষ্যৰে ৰাজ্যত স্বাস্থ্য বিভাগে ১০০০টা শিশু আই চি ইউ স্থাপন কৰিব বুলিও মুখ্যমন্ত্ৰী ড॰ হিমন্তবিশ্ব শৰ্মাই ঘোষণা কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here