Beauty PlusFitness PlusHealth NaturallyHealth Talksসৰুকালতে এই তিনিটা কাম সন্তানক শিকাওকBy Health Plus - August 28, 202502Facebook Twitter Pinterest WhatsApp সৰু সৰু ল’ৰা-ছোৱালীয়ে ডাঙৰক অনুসৰণ কৰে৷ ডাঙৰৰ পৰা দেখি-শুনিয়েই সন্তানে শিকে৷ ডাঙৰে কি কৰে, কিদৰে কথা কয়, কাক কি নামেৰে মাতে আদি সকলোবোৰ সৰুৱে লক্ষ্য কৰে আৰু সেইমতে অনুসৰণ কৰে৷ সেয়ে শিশুসকলৰ সন্মুখত এনে কোনো কাম কৰিব নালাগে, যাতে তেওঁলোকৰ মনত গভীৰ প্ৰভাৱ পৰে৷ এইদৰে কামৰ মাজেৰেই শিশু ডাঙৰ হৈ উঠে৷ সন্তান স্বাৱলম্বী হয়, তেওঁলোকে নিজৰ কাম নিজে কৰিব পৰা হয়৷ পাছলৈ মাক-বাপেকৰ দায়িত্ব ল’ব পৰা হয়৷ এইবোৰ কিন্তু এদিনতে সম্ভৱ নহয়৷ বৰং দৈনন্দিন কিছুমান অভ্যাসে শিশুটিক ডাঙৰ হোৱাত সহায় কৰে৷ সেয়ে সৰুকালতে সন্তানক কিছু কথাৰ লগতে এই তিনিটা কাম কৰিবলৈ শিক্ষা দিয়া আৱশ্যক৷সৰু কালতে শিশুক খেলাৰ পূৰ্ণ স্বাধীনতা দিব লাগে৷ তেনে অৱস্থাত সিহঁতে খেলাৰ বস্তুবোৰ দলিয়াব, ভাঙিব আৰু সেইবোৰেৰে খেলিব৷ কিন্তু খেলাৰ পাছতেই সেইবোৰ খেলনা বস্তু তাৰ হতুৱাই এটা এটাকৈ নিৰ্দিষ্ট ঠাইত থ’বলৈ দিব লাগে৷ এইদৰে পৰিপাটিকৈ ৰখাৰ অভ্যাস কৰিলে আপোনাআপুনি তাৰ নিজৰ বস্তুৰ প্ৰতি যত্নশীল হ’বলৈ শিকিব৷ৰাতিপুৱাই বিছনাৰ পৰা উঠাৰ পাছতে দাঁত মাজা, মুখ ধোৱা, গা ধোৱা, বিছনাৰ পৰিষ্কাৰ কৰা, স্কুলৰ হোমৱৰ্ক কৰাই স্কুললৈ যাবলৈ প্ৰস্তুত হোৱা– এইবোৰ কাম সন্তানক নিজেই কৰিবলৈ দি আঁতৰৰ পৰা নজৰ ৰাখিব লাগে৷ এই দৈনন্দিন কামবোৰৰ দ্বাৰা অকল ডাঙৰকে সহায় কৰা নহয়, এইবোৰ শিশুটিৰ শিক্ষাৰে এটা অংশ৷ এইবোৰে সিহঁতক নিয়মানুৱৰ্তিতা শিকাব৷আপুনি জানেনে দুই বছৰৰ শিশুৱে নিজ হাতেৰে খোৱাৰ উপযুক্ত হয়৷ সেয়ে দুই বছৰৰ পাছত শিশুটিক খুৱাই দিয়াৰ পৰিৱৰ্তে নিজে নিজে খাবলৈ দিয়ক৷ এইদৰে খাবলৈ দিয়ে শিশুটিয়ে খাদ্যবস্তুবোৰ সিঁচৰতি কৰিব, লেতেৰা কৰিব, গোটেই শৰীৰ লেতেৰা কৰিব যদিও তাক নিজেই খাবলৈ নিয়া উচিত৷ ইয়াৰ ফলত কোনো ক্ষতি নহয়৷ বৰং নিজ হাতেৰে খালে মনোযোগ দিহে খাব৷ সৰুকালতে টান খাদ্য চোবাই খোৱাৰ অভ্যাস কৰক৷ পেট নভৰিৰে পাছত সিঁহতে পুনৰ খাবলৈ ইচ্ছা কৰিব৷ এইধৰণৰ অভ্যাসে শিশুটিক সৰুৰে পৰা স্বাৱলম্বী কৰে৷