স্মৃতিশক্তি হ্ৰাস মগজুৰ কেঞ্চাৰৰ কাৰণ হ’ব পাৰে

0
16

প্ৰথম পৰ্যায়ত হোৱা স্মৃতিশক্তি হ্ৰাস মগজুৰ কৰ্কট ৰোগ লক্ষণ হ’ব পাৰে৷ বয়স বা মানসিক হেঁচা আদিৰ ফলত উদ্ভৱ হোৱা অন্য কাৰণসমূহে স্মৃতিশক্তি হ্ৰাস কৰে আৰু বয়সস্ক ৰোগীৰ মাজত স্মৃতিশক্তি হ্ৰাসৰ বাবে হোৱা মগজুৰ কৰ্কট ৰোগৰ চিকিৎসা সম্ভৱ নহ’ব পাৰে৷ ৰোগীৰ মাজত স্মৃতিশক্তি হ্ৰাসৰ অন্যান্য লক্ষণসমূহৰ ভিতৰত শেহতীয়া ঘটনাৰ কথোপকথন পাহৰা, নাম বা ঠাইৰ নাম মনত পেলাব নোৱৰা আৰু ব্যক্তিত্ব আৰু আচৰণত পৰিৱৰ্তন অন্যতম৷ প্ৰাৰম্ভিক চিকিৎসাত নিৰ্ধাৰিত চিকিৎসা গ্ৰহণে ৰোগীক এই ৰোগৰ পৰা সংকটমুক্ত কৰিব পাৰে৷ মগজুৰ কৰ্কট ৰোগত আক্ৰান্তসকলৰ স্মৃতিশক্তি হ্ৰাস পায়৷ ব্ৰেইন টিউমাৰ হোৱাৰ ফলত এনে ৰোগত আক্ৰান্ত ৰোগীগৰাকীৰ মগজুৱে তথ্য সংৰক্ষণ, সংশোধন কৰিব নোৱৰা হৈ পৰে৷ সেয়ে স্মৃতিশক্তি হ্ৰাস পোৱা বিষয়টো লক্ষণীয়ভাৱে বৃদ্ধি পালে চিকিৎসকৰ কাষ চপা উচিত বুলি বিশেষজ্ঞসকলে মন ব্যক্ত কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here