স্মৃতিশক্তি, মনঃসংযোগ বঢ়াবলৈ এই আসন

0
54

দৈনন্দিন কমব্যস্ত জীৱনত দিনটোৰ বিভিন্ন কামৰ তাগিদাত বহুতো সৰু-সুৰা কথা পাহৰি থকা যায়৷ কেতিয়াবা অফিচৰ কামত ইমানেই ব্যস্ততা বাঢ়ে যে ঘৰুৱা গুৰত্বপূৰ্ণ কাম কৰিবলৈও পাহৰি যায়৷ দৈনন্দিন ৰুটিনমাফিক জীৱনত সৰু সৰু প্ৰয়োজনবোৰ মনত ৰখাত অসমৰ্থ হোৱা দেখা যায়৷ এনে সমস্যাত হয়তো বহুতেই পৰে৷ ঘৰুৱা সমস্যা, সাংসাৰিক জীৱন, অফিচৰ ঝামেলা, পেছা আদি একেলগে চম্ভালাতো সম্ভৱপৰ হৈ নুঠে৷ ইয়াৰ ফলত প্ৰায়ে বিভিন্ন কথা বা কাম কৰিবলৈ পাহৰি থকা যায়৷ অৰ্থাৎ মনঃসংযোগত ব্যাঘাত জন্মে বা স্মৃতিশক্তি কমি যোৱাৰ দৰে হয়৷ আনহাতে কম বয়সতে গধুৰ দায়িত্ব লোৱাৰ কাৰণেও স্মৃতিশক্তি কমাৰ দৰে মানসিক সমস্যা হ’ব পাৰে৷ সৃজনীশীল কামৰ বাবে যিধৰণৰ চিন্তা-ভাবনাৰ দৰকাৰ, সেইবোৰ ঠিকমতে কৰিব নোৱাৰে৷ মনৰ দুশ্চিন্তাষ উদ্বেগ আদিয়েও মন-মগজুত ক্ৰিয়া কৰে৷ এনে সময়ত মনঃসংযোগ বৃদ্ধিৰ কাৰণে যোগৰ আশ্ৰয় ল’ব পাৰে৷ যোগসাধনাৰ জৰিয়তে মন-মগজু শান্ত থকাৰ লগতে শাৰীৰিক তথা মানসিক স্বাস্থ্য উন্নত কৰাত সহায় কৰে৷ যোগব্যায়ামে মন প্ৰফুল্লিত কৰি ৰাখি কৰ্মপ্ৰেৰণাত উৎসাহ যোগায়৷ সেয়ে স্মৃতিশক্তি তথা মনঃসংযোগ উন্নত কৰিবলৈ নিয়মিতভাৱে এইবোৰ আসন কৰিলে সুফল এশ শতাংশই পাব৷
সুখাসন :- এই আসন কৰিবলৈ একেবাৰে সহজ৷ সহজ আৰু আৰামদায়ক ভংগিমাত কৰা হয় বাবে এই আসনৰ নাম সুখাসন৷ মুকলি ঠাইত মাটিত আৰাম কৰাৰ দৰে বহি লওক৷ ভৰি দুখন এখন ওপৰত আনখন উঠাই বহাৰ ভংগীত ৰাখি মেৰুদণ্ড একেবাৰে পোন কৰি লওক৷ হাত দুখন আঁঠুৰ ওপৰত ৰাখি মুদ্ৰা বন্ধনত ৰাখক৷ এতিয়া চকু দুটা মুদি দীঘলকৈ উশাহ লওক আৰু উশাহ এৰক৷ এইদৰে ১০-১৫ মিনিটমান কৰক৷ এই আসন নিয়মিত কৰিলে মানসিক চাপ, ক্লান্তি দূৰ হোৱাৰ লগতে মন প্ৰফুল্লিত হৈ থাকিব৷
শীৰ্ষাসন :- এই আসন কৰিবলৈ অতি কঠিন৷ এই আসন কৰিলে মানুহজন সম্পূৰ্ণ ওলোটা হ’ব লগা হয়৷ শৰীৰৰ সমস্ত ভৰ মূৰ আৰু হাত দুখনৰ ওপৰত নিৰ্ভৰ কৰে৷ এই আসন কৰিবলৈ হ’লে প্ৰথমে মূৰটো মাটিত গুঁজি লৈ হাত দুখন মূৰৰ পিছফালে ৰাখি শৰীৰৰ গোটেই ভৰ থৈ বাকী অংশ ওপৰলৈ তোলাৰ চেষ্টা কৰক৷
পদহস্তাসন :- এই আসন কৰিবলৈ প্ৰথমে পোন হৈ থিয় হৈ লওক৷ তাৰ পাছত আগলৈ হাউলি গৈ হাত দুখনেৰে দুই ভৰিৰ তলুৱা চুই থাকক৷ মূৰটো আঁঠুত লগাই কিছু সময় এই ভংগীত থাকক৷ তাৰ পাছত লাহে লাহে পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহক৷ এইদৰে তিনি-চাৰিবাৰমান কৰাৰ চেষ্টা কৰক৷
বৃক্ষাসন :- এই আসন কৰিবলৈ প্ৰথমে মানুহজন পোন হৈ থিয় হৈ লওক৷ এতিয়া হাত দুখন নমস্কাৰ কৰাৰ ভংগীত ৰাখি প্ৰথমে বুকুৰ ৰাখি পাছত মূৰৰ ওপৰলৈ যিমান পাৰে সিমান দাঙি ধৰক৷ এনে অৱস্থাত এখন ভৰি বেঁকা কৰি উৰুলৈ উঠাই দিয়ক৷ এই ভংগীতে এবাৰ সোঁ ভৰিৰে আৰু এবাৰ বাওঁভৰিৰে কৰক৷ এইদৰে এখন ভৰিৰ ওপৰতে শৰীৰ সমস্ত ভৰটো ৰখাৰ চেষ্টা কৰক৷ এই ভংগীটো চাৰিবাৰ কৰাৰ যত্ন কৰক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here