নিজৰ মগজু তথা স্মৃতিশক্তিক সকলোৱে অধিক শক্তিশালী তথা ক্ষিপ্ৰ কৰিবলৈ বিচাৰে৷ কিন্তু স্মৃতিশক্তি শক্তিশালী কৰি ৰখাত বাদামে যে সহায় কৰে, সেই কথা বোধহয় বহুতেই নাজানে৷ শেহতীয়াকৈ আমেৰিকান জাৰ্নেল অব্ ক্লিনিকেল নিউট্ৰিশ্যনত প্ৰকাশ পোৱা এটা অধ্যয়নৰ প্ৰতিবেদনৰ পৰা জানিব পৰা মতে মানুহে নিয়মীয়াকৈ বাদাম খালে স্মৃতিশক্তি বৃদ্ধি পায়৷ বাদামে মগজুকো সতেজ কৰি ৰখাত সহায় কৰে৷ এই অধ্যয়নটোত গৱেষকসকলে দুৰ্বল স্মৃতিশক্তি আৰু বাদামৰ মাজৰ সম্পৰ্কৰ বিষয়ে জানিবলৈ বিচাৰিছিল৷ তেওঁলোকে দুবছৰ এই লোকসকলৰ খাদ্যাভ্যাস অধ্যয়ন কৰিছিল৷ এই লোকসকলৰ বয়স আছিল ৬০-৭৫ বছৰৰ ভিতৰত৷ তেওঁলোক মেহবহুলতাৰ লগতে উচ্চ ৰক্তচাপ, হৃদৰোগ, অধিক শৰীৰত অধিক চৰ্বি জমা হোৱাৰ দৰে ৰোগতে আক্ৰান্ত আছিল৷ গৱেষকসকলে লোকসকলৰ পৰা তেওঁলোকে দৈনিক খোৱা খাদ্যৰ তথ্যও বিচাৰিছিল৷ ইয়াৰ পৰা জানিব পাৰিলে যে দৈনিক বাদাম সেৱন কৰা লোকসকলৰ মগজুৰ কাম কৰা শক্তি যথেষ্ট বৃদ্ধি পাইছে৷ আনহাতে সপ্তাহত ৩-৬ দিন বাদাম খোৱা লোকসকলৰ স্মৃতিশক্তি সপ্তাহত এদিন খোৱাসকলতকৈ যথেষ্ট বৃদ্ধি পাইছে৷ বাদামত বিভিন্ন ধৰণৰ ভিটামিন, ওমেগা-৩ ফেটি এচিড, অলিক এচিড, ডি পি এ, ডি এইচ এ, ই পি এ থাকে, যি মানুহৰ মগজুত নতুন কোষ সৃষ্টিত সহায় কৰে৷ ইয়াৰ ফলত স্মৃতিশক্তিও বৃদ্ধি পায়৷