স্বাস্থ্যৱান হ’বলৈ মূলা খাওক

0
3155

শীতকালত হোৱা পাচলিসমূহৰ ভিতৰত এবিধ হ’ল মূলা৷ মূলাক ইংৰাজীত ৰেডিচ (Radish) বুলি কোৱা হয়৷ মূলাৰ বৈজ্ঞানিক নাম ৰেফানাছ ছেটিভাছ( Raphanus sativus )৷ মূলাৰ গছজোপা সাধাৰণতে ৫০ ছেঃমিঃমান ওখ হয়৷ ইয়াৰ পাত আৰু মূল খোৱাৰ বাবে উপযোগী৷ পাতবোৰ শাক হিচাপে খোৱা হয়৷ মূলাত থকা ভিটামিন চিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত সহায় কৰে৷ মূলাত প্ৰচুৰ পৰিমাণৰ ভিটামিন ই পোৱা যায়, যিয়ে শৰীৰৰ পোষকতত্ত্ব বৃদ্ধি কৰে৷ সাধাৰণতে শীতকালত আমাৰ ছালখন শুকান হৈ যায়, মূলা খালে ছালখন উজ্জ্বল আৰু সতেজ হয়৷ মূলাত ফলিক এচিড থাকে বাবে ইয়াৰ সেৱনে তেজত অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰে৷ মূলা খালে শৰীৰৰ জ্বলা-পোৰাৰ সমস্যা দূৰ হয় ৷ মূলাই ৰক্তচাপ নিয়ন্ত্ৰণত অৰিহণা যোগায়৷ মূলাত ফাইবাৰ থাকে বাবে লিভাৰ, হাৰ্টৰ ৰোগ নিৰাময় কৰে৷ মূলাত থকা প্ৰচুৰ মেটাবলিজমে বদহজমৰ সমস্যা দূৰ কৰে৷ ইয়াত আঁহজাতীয় পদাৰ্থ বেছি থকাৰ বাবে মধুমেহ ৰোগীৰ বাবে উপকাৰী৷ মূলাই প্ৰষ্টেট, কলন, স্তন, গৰ্ভাশয়ত সৃষ্টি হ’ব পৰা কৰ্কট ৰোগৰ সম্ভাৱনা কমায়৷ মূলাই দেহৰ পেশীৰ মাজত আবদ্ধ হ’ব পৰা পানী নিষ্কাশন কৰে৷ চুলি সৰাৰ প্ৰতিৰোধৰ বাবে মূলা খোৱা জৰুৰী৷ মূলাই বৃক্কক সক্ৰিয় কৰি ৰাখে৷ সেয়েহে শীতকালত হোৱা মূলা খাদ্য হিচাপে গ্ৰহণ কৰি শৰীৰক স্বাস্থ্যৱান কৰি ৰাখো আহক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here